পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮

চাইছে দুয়ো। নাই। মুকলি গৰাটোত লুকাবলৈও ঠাই নাই। কিবা এটা ভাবিছে দুয়ো।

 অশান্ত মন, অশান্ত দৃষ্টি শান্ত হৈছে।

 গৰাটোৰ তলৰ পৰা শুনা গৈছে প্ৰৱাহিত নদীৰ অবিৰাম কুলু কুলু। মুগ্ধ দৃষ্টিৰে দুয়ো চাই ৰৈছে কোমল জোনাকে ধুৱাই নিয়া নদীখনৰ বুকুলৈ ...তাৰ অবিৰাম তৰংগলৈ। উদ্দাউল ভৰ যৌৱনা নদীখনেও যেন হাতবাউল দি মাতিছে দুয়োকে। দুয়োৰে দুচকুত জিলিকি উঠিছে একেই ভাষা, একেই সুৰ।

 প্ৰেমৰ সুতীব্ৰ তৰংগ জীৱনৰ মোহতকৈও অধিক প্ৰবল হৈছে। দুয়োৰে মুখত উজ্জ্বলি উঠিছে অশ্ৰুসিক্ত মিচিকিয়া হাঁহি।

 অনুৰাগ তাইৰ নিচেই কাষলৈ আহিছে। চাৰিচকুৰ মিলন হৈছে ..ক্ষণিকৰ বাবে যন্ত্ৰণাবোৰ দূৰ হৈছে। কঁপা ওঁঠযোৰেৰে সি তাইৰ অধৰত উষ্ম চুম্বন যাচিছে।

 নোৱাৰে। নোৱাৰে দুয়ো এই জীৱন কঢ়িয়াব ইটোৱে সিটোৰ অবিহনে। গছৰ শিপাই খামুচিবলৈ মাটি বিচাৰি ফুৰাৰ দৰেই জীয়াই থাকিবলৈ অমৃতাক অনুৰাগৰ প্ৰয়োজন, আৰু অনুৰাগক অমৃতাৰ॥

 : ভয় কৰিছ নেকি?

 : ওহোঁ। তই থাকিলে মই একো ভয় নকৰোঁ।

 : জীৱনৰ সীমাবদ্ধতা বোৰ আমি পাৰ কৰি যাম।

 সজোৰে মুঠি মাৰি ধৰিছে দুয়ো দুয়োৰে হাত।

 চৌদিশৰ পৰা অহা টৰ্চৰ পোহৰেৰে আলোকময় হৈ উঠিছে ঠাইটুকুৰা। গৰজি উঠিছে কেইবাটাও বন্দুক। গুলিৰ স্পৰ্শই শৰীৰ বিদিৰ্ণ কৰাৰ আগতেই বতাহত ওপঙি উঠিছে দুটি শৰীৰ।

 ‘জপং’ কৈ এটি শব্দ হল মাথো।

 চৌদিশে গধুৰ জোতাৰ দপদপনি।

 তেতিয়ালৈ নৈৰ জলপ্ৰৱাহে আঁকোৱালি লৈছে দুই প্ৰেমিক শৰীৰক।

০০ ০০ ০০

 নৈৰ পাৰত এপথাৰ মানুহৰ কোলাহল সমাগম। কান্দোনৰ ৰোল উঠিছে।

 মুকলি ওখ গৰাত কাপোৰেৰে ঢাকি থোৱা কেইবাটাও ছিন্ন বিছিন্ন উগ্ৰপন্থীৰ মৃত শৰীৰ। চাৰিওফালে পুলিচে পিয়াপি দি ফুৰিছে। উপস্থিত কেইবাটাও আগশাৰীৰ নিউজ চেনেলৰ সাংবাদিক।

 উদভ্ৰান্তৰ দৰে নৈৰ পাৰে পাৰে বহুদুৰলৈ আগুৱাই গৈছে শ্যামলী। অবিন্যস্ত মুখ, চুলি, কান্দোনত ৰঙা হৈ ফুলি উঠিছে চকুযুৰী। পিছে পিছে তাইক বুজাবলৈ চেষ্টা কৰি দৌৰি গৈছে তাইৰ দেউতাক আৰু মাক।

 কান্দিছে সীমান্তও।

 অদিতিৰ দুচকুৰেও ধাৰাসাৰ চকুলো বৈ গৈছে। বুজিব পৰা নাই ... মানুহে কিয় আনৰ ভাগ্য নিয়ন্তা হব খোজে!! কি পায় বিনিময়ত? এটা আচৰিত বেদনা সুখ মাথো!!

 ওপৰ মহলৰ নিৰ্দেশত, মাজনিশাৰ পৰা পুৱতি নিশাৰ ভাগলৈ সশস্ত্ৰ ভাৰতীয় সৈনিকৰ দলে অকস্মাতে অতি গোপনীয়তাৰে অপাৰেচন চলাইছিল হাবিখনত। সেনা আৰু উগ্ৰপন্থীৰ মাজত তুমুল গুলিয়াগুলি চলিছিল শেষ নিশালৈ। নিহত হল কেইবাজনো উগ্ৰপন্থী সেনা। তেজেৰে লুতুৰী পুতুৰী সম্পূৰ্ণ অচেতন অৱস্থাত উদ্ধাৰ কৰা হল অংগচ্ছেদ হৈ যোৱা ভাস্কৰ দত্তক। ভাস্কৰ দত্তৰ অৱস্থা দেখিয়েই অদিতিয়ে অনুমান কৰিব পাৰিলে ঘটনাৰ বৃত্তান্ত।

 সকলো ঠিকেই আছিল, কিন্তু অমৃতা আৰু অনুৰাগৰ সন্ধান নাপাইহে দুখত ম্ৰিয়মান হৈ পৰিছে সকলো। খঙ, দুখ হতাশাত শ্যামলীয়ে প্ৰশাসনক দোষী উচ্চস্বৰত গালি পাৰিছে। তাইক শান্ত কৰাবলৈ বৃথা চেষ্টা চলাইছে মাক-দেউতাকে, অদিতিয়ে।

 গৰাৰ পাৰৰ পৰা উদ্ধাৰ হোৱা অনুৰাগৰ গাঢ় নীলা ৰঙৰ বেগটো আৰু অমৃতাৰ ফালি বিৱৰ্ণ হৈ পৰা শাৰীৰ টুকুৰা পুলিচে উদ্ধাৰ কৰিছিল।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড