পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭

 : চুপ।

 গৰজি উঠিল ভাস্কৰ। গোমোঠা তেজাল মুখখন জোনাকৰ পোহৰত অতিশয় ভয়ংকৰ দেখা গৈছে।

 কঁপি কঁপি উচুপি উঠিছে তাই।

 : ইমান আৰামত ৰাখিছিলোঁ। কি দিয়া নাছিলোঁ তোক? এতিয়া কি কৰি ললি নিজৰ অৱস্থা?

 খং আৰু ঘৃণাৰে এপলক চাই ৰৈছে ভাস্কৰে অমৃতাৰ মুখলৈ, অবিন্যস্ত চুলিকোচালৈ, কাপোৰলৈ..

 হঠাৎ তাৰ দৃষ্টি সলনি হৈছে, ঘৃণাৰ সলনি সহজাত জান্তৱ প্ৰবৃত্তি এটা জাগি উঠিছে।

 কিমান দিনৰ মূৰত যে অমৃতাক দেখিছে সি!!

 জোপোহাৰ আঁৰত অমৃতাক বগৰাই পেলাই লৈছে সি। ভয়ত বিৱৰ্ণ, শেতা ওঁঠ, মুখেৰে কুচিমুচি কঁপি কঁপি চাই ৰৈছে তাই। মৃত্যু শীতল সেই স্পৰ্শত বৰফ হব ধৰিছে তাইৰ শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গ। জপিয়াই পৰিছে সি তাইৰ ওপৰত পৈশাচিক ক্ষুধা পূৰণৰ বাবে। সৰীসৃপৰ দৰে মেৰিয়াই ধৰি ফালিব ধৰিছে তাইৰ শৰীৰৰ বস্তু। ভোক, পিয়াহ, ভয়, বিষত বিধ্বস্ত শৰীৰটোৱে আপ্ৰাণ চেষ্টা চলালে নিজকে সেই সৰীসৃপৰ কবলৰ পৰা মুক্ত কৰিবলৈ।

 আগ্নেয়গিৰী উদ্‌গীৰিত হৈছে অনুৰাগৰ মগজুত। ক্ষণিকৰ বাবে সি পাহৰি পেলাইছে ভৰিৰ তীব্ৰ বিষ, অসহায়তা। উন্মাদপ্ৰায় হৈ উঠিছে সি। দাঁত কৰছি ধৰিছে, চলচলীয়া চকুহাল খঙত উত্তপ্ত হৈ পৰিছে।

 তাৰ দুচকুৰ আগত যদি অমৃতাৰ সন্মান নষ্ট হয়, তেন্তে এই জীৱনতকৈ মৃত্যুৱেই শ্ৰেয়।

 একেথাপে বন্দুকৰ নলীত সজোৰে ধৰিছে সি। ঘটনাৰ আকস্মিকতাত উধাই মুধাই গুলি এৰিলে উগ্ৰপন্থী সেনাজনে। সেই গুলিয়ে বিদিৰ্ণ কৰি গল সন্মুখত থিয় হৈ থকা নিজৰে সতীৰ্থৰ বুকু, পেট। হতভম্ব হৈ পৰা সেনাজনৰ বুকুত এটা প্ৰচণ্ড ঘোচা পৰিল। কৰ্ফাল খাই পৰা সেনাজনৰ বুকুলৈ লক্ষ কৰি সি দুটা গুলি এৰিলে। নিমিষতে নিষ্প্ৰাণ হৈ ঢলি পৰিল শৰীৰটো।

 : প্লিজ, মোক এৰি দিয়ক। মই অনুৰাগক ভাল পাওঁ। মই তাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম।

 : চুপ। চুপ থাক। তাৰ নাম নলবি। মই যে তোক ভাল পাওঁ!! মোৰ কি হ’ব? মোৰ কথা ভাবিছনে?

 শিথিল হৈ আহিব ধৰা অমৃতাৰ লাহী শৰীৰটো ভাস্কৰৰ লৌহকঠিন আৱদ্ধত মৰমৰাই ভাঙি পৰাৰ উপক্ৰম হৈছে। হঠাৎ মূৰৰ পিছফালে এপাত শিকলিৰ প্ৰচণ্ড কোব পৰাত সাপৰ দৰে ধৰফৰাই উঠিল সি। কৰ্কশ আৰ্তনাদ এটা স্বতঃস্ফূৰ্ত নিৰ্গত হল তাৰ মুখেদি। কোনোমতে মূৰটো হেঁচি ধৰি নিজকে নিয়ন্ত্ৰণ কৰি থিয় হল সি। অন্ধকাৰ দেখিলে সি চৌদিশে। লাহে লাহে তাৰ দুচকুৰ আগত স্পষ্ট হৈ আহিল অনুৰাগৰ ওখ অবয়ব।

 : অনু ...

 অমৃতাই দৌৰি গৈ অনুৰাগক সাৱটি ধৰিছেহি।

 থৰ হৈ ৰল ভাস্কৰ ক্ষণিকৰ বাবে। অনুৰাগৰ উত্তপ্ত দৃষ্টিলৈ চাই ভয়ত কোঁচ খাই আহিল তাৰ অৰ্ধনগ্ন শৰীৰ। সহায়ৰ বাবে ইফালে সিফালে চাইও কাকো নেদেখিলে সি।

 : চা অনুৰাগ। অমৃতা ...তাই মোৰ পত্নী।

 পৰিস্থিতি বিষম দেখি অনুৰাগক বুজাব চেষ্টা কৰিছে ভাস্কৰে। ভাস্কৰৰ কথাবোৰ অনুৰাগৰ কাণত সোমোৱা নাই। মাথো কঠোৰৰপৰা কঠোৰতৰ হৈ আহিছে অনুৰাগৰ মুখভংগী। স্থিৰ দৃষ্টিৰে টোঁৱাই ধৰিছে সি ৰিভলভাৰৰ নলী ভাস্কৰৰ দিশে।

 ভাস্কৰৰ অৰ্ধনগ্ন শৰীৰটোৰ পৰা এটা গুলিত বিছিন্ন হৈ পৰিছে তাৰ পুৰুষাংগ। মুহূৰ্ততে ৰক্তাক্ত হৈ পৰিছে পেট, কলাফুল, দুভৰি। এটা ভীষণ দৈত্যকায় আৰ্তনাদ, গেঙনি বতাহত ভাঁহি পৰিছে। বাগৰি পৰিছে সি ঘাঁহনিত।

 দুয়োখন কাণ ঢাকি ধৰি অনুৰাগৰ বুকুত মুখ গুজি কান্দি উঠিছে অমৃতাই। খালি হৈ পৰা ৰিভলভাৰটো অনুৰাগৰ হাতৰ পৰা সৰি পৰিছে। সাৱটি ধৰিছে সি তাইক ... আলফুলে উকা পিঠিত হাত বুলাই সি সান্তনা দিছে। অনুৰাগৰ দুচকুৰেও চকুলো বাগৰি আহিছে প্ৰথমবাৰৰ বাবে।

 চৌপাশে জোতাৰ গধুৰ খোজৰ শব্দ শুনা গৈছে।

 বাগৰি আহিছে কেওদিশৰ পৰা টৰ্চৰ তীব্ৰ পোহৰ।

 অনুৰাগৰ আঁঠুৰ পৰা অবিৰাম তেজ বৈছে। মুখত যন্ত্ৰণা। অসহায় হৈ পৰিছে অমৃতা। বিভ্ৰান্ত হৈ ইফালে সিফালে

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড