চকুলোৰে।
: অনুৰাগ..
থুকাথুকি হৈ পৰিছে তাইৰ কণ্ঠস্বৰ।
: পাহৰি যা। পুৰণি কথাবোৰ ধৰি থাকি জানো কিবা লাভ হব? যাৰ অন্তৰত প্ৰেম থাকে তাৰ মনত ইমান ঘৃণা নাথাকে অমৃতা।
দুচকু ভৰি আহিল তাইৰ অশ্ৰুৰে। ক’বলৈ আৰু একোৱেই বাকী ৰোৱা নাছিল। সিক্ত চকুৰে, মিশ্ৰিত অনুভূতিৰে দুয়ো অস্থি বিসৰ্জন দিলে নদীৰ উচ্ছল জলধাৰাত। এবুকু বিষাদেৰে মন ভৰি উঠিছে অমৃতাৰ। অনুৰাগে আলফুলে তাইক সাৱটি ধৰিছে।
হঠাৎ নিৰ্জনতা ফালি বুকু কঁপাই যোৱা দুটা গুলীৰ গৰ্জন আৰু তাৰ লগে লগেই অনুৰাগৰ আৰ্ত চিৎকাৰ শুনি স্তম্ভিত হৈ ৰল অমৃতা।
: অনুৰাগ।
আৰ্তনাদ কৰি উঠিল তাই।
কিবা বুজিব পৰাৰ আগতেই অনুৰাগ কুজা হৈ আঠুত হেঁচি ধৰি মাটিত বহি পৰিছে। আঁঠুৰ ঠিক তলত গুলি লগা ঠাইডোখৰৰ পৰা সোঁ সোঁৱাই তেজ বব ধৰিছে। প্ৰচণ্ড জোৰে হেঁচি ধৰিছে সি। নিমিষতে অস্থিৰ হৈ উঠিল তাই। কেঁচা ঘাম বিৰিঙি উঠিল তাইৰ সৰ্বশৰীৰত।
: অনু অনু।
অনুৰাগক সাৱটি ধৰি চিৎকাৰ কৰি উঠিল তাই। কি কৰোঁ কি নকৰোকৈ অমৃতাই নিজৰ শাৰীৰ আচল ফালি বান্ধি দিলে ঠাইটুকুৰা।
হঠাৎ পিছফালৰ পৰা কেইবাটাও জোতাৰ গধুৰ খোজ আৰু হাত চাপৰি মৰাৰ শব্দ শুনা গ’ল। সেই একে সময়তে অনুৰাগে তাৰ মূৰত সোঁ কাণৰ ঠিক পিছফালে অনুভৱ কৰিলে বন্দুকৰ নলীৰ ধাতৱ স্পৰ্শ। তাৰ লগে লগেই পৈশাচিক, কটাক্ষ ভৰা হাঁহি এটাই বিষাক্ত কৰি তুলিলে জোনাক প্লাৱিত গৰাটো। ঠিক দৈত্যৰ দৰে। ভৰিৰ তলৰ মাটি যেন খহি পৰিল অমৃতাৰ।
মূৰটো আচন্দ্ৰাই কৰাৰ দৰে লাগিল।
সেই কৰ্কশ হাঁহি তাইৰ পৰিচিত। সেই হাঁহি তাইৰ বিভীষিকাময় দিন আৰু নিশাবোৰৰ অহৰহ সংগী .. পিছফালে থিয় হৈ আছিল দৈত্যজন.. ভাস্কৰ দত্ত। কেনেকৈ? সি ইয়াত কেনেকৈ আহিল?
বতাহত গছৰ পাত কঁপাৰ দৰে থৰথৰকৈ কঁপিব ধৰিছে তাই।
হঠাৎ দৈত্যজনে আহি তাইৰ দীঘল চুলিকোছা নিজৰ হাতৰ মুঠিত লৈ সজোৰে টানি ধৰিছে। ভাস্কৰ দত্তৰ ভৰিত উবুৰি খাই পৰিছে অমৃতা।
খঙত, বিষত জৰ্জৰিত অনুৰাগৰ বুকুত ভমককৈ জ্বলি উঠিছে একুৰা জুই। তাৰ দুচকুৰ আগত অমৃতাক অসন্মান কৰিছে, অপব্যৱহাৰ কৰিছে ভাস্কৰে। তথাপিও একো কৰিব পৰা নাই সি। খং, যন্ত্ৰণা, অপমানত দগ্ধ হৈ উঠিছে অনুৰাগ।
: চালা বেশ্যা। পুৰণি প্ৰেমিকৰ লগত হাবিয়ে বননিয়ে প্ৰেম পিৰিতি কৰি ঘূৰিছ। তই কি ভাবিছিলি? মোক, ... ভাস্কৰ দত্তক হৰুৱাই দিব? তাকো তোৰ এই পেন্দুকনা প্ৰেমিকটোৱে? ...এই ..এই কি নাম তোৰ? অনুৰাগ। হা হা হা। ইমান ৰাগ তোৰ মোৰ মানুহজনীৰ ওপৰত!!... নিজৰ অজস্ৰ সা সম্পত্তি, বিজিনেজৰ ওপৰত একেচাতেই বিৰাগ জন্মিল তোৰ!! সকলো এৰি ইয়াত হাবি বননিত ঘূৰি ফুৰিছহি। ঐ... এই বিশ্বাসঘাটকজন তহঁতৰ। এইজনী মোৰ।
অনুৰাগৰ মূৰত বন্দুক টোৱাই ধৰা উগ্ৰপন্থী সৈন্যক উদ্দেশ্যি সি কলে। উগ্ৰপন্থী সৈন্যজনে ওচৰতে ঠিয় হৈ থকা সতীৰ্থক দুচকুৰে কিবা ইংগিত দিলে। সিজনেও সন্মতিত মূৰ দুপিয়াই নিজৰ দুই আঙুলি মুখত ভৰাই বিশেষ ধৰণে সুহুৰি বজালে।
অনুৰাগে বুজি পায় এই বিশেষ সুহুৰিৰ ভাষা। কিছুপৰৰ পিছতেই উগ্ৰপন্থী সৈন্যই হয়তো ঘেৰি ধৰিব এই ঠাই।
: প্লিজ, অনুৰাগক এৰি দিয়ক। তাৰ একো দোষ নাই। প্লিজ।