অতীতৰ স্মৃতি ৰোমন্থনত নিমজ্জিত হৈ পৰা অমৃতাৰ ওঁঠত এটি শুকান হাঁহি বিৰিঙি উঠিছে।
“কতে মৰো” বুলি কৈ মূৰে কপালে হাত দি বহিছিল পেহীয়েক।
: তোক কোনে কলে তাৰ চৰ্দি হোৱা বুলি? তাৰ চৰ্দি হোৱা নাই নহয়। সি ডেকা হৈছে। সেইকাৰণেহে তাৰ মাত ফাটিছে। আঁকৰীজনী।
... আৰু শুন তয়ো এতিয়া গাভৰু হলি। গতিকে তাৰ লগত মিলা মিছা কমাই দিবি।
:কিয় কিয়? তাৰ লগত মিলা মিছা কৰিলে কিনো হ'ব? সি টো মোৰ বন্ধু। মই কাৰ লগত কথা পাতিম নহ'লে!!
: এহ এইজনী।কথাই নুশুন তই মোৰ। শুন। বেছিলৰাৰ লগত মিলা মিছা কৰিলে ....উমম.... সেই ৰতনৰ মানুহজনীৰ দৰে তোৰ পেটটোও ডাঙৰ হ'ব।
পেহীয়েকে তাইৰ কাণৰ ওচৰতে ফুচফুচাই কোৱাদি কৈ নিজৰ কথাত নিজেই ৰস পাই সশব্দে হাঁহি উঠিছিল সেইদিনা।
তাইৰ মুখখন আশ্চৰ্যত মেল খায় গৈছিল। তাই যে এই কথাটো ভবাই নাছিল।
পেহীয়েকৰ ঘৰৰ পৰা ঘূৰি আহোতে বাৰিষাৰ কলীয়া ডাৱৰৰ দৰে বিষগ্ন হৈ পৰিছিল তাইৰ মনটো। ছেহ! অনুৰাগৰ লগত খেলা ধূলা, ঘূৰা ফুৰা সকলো যে বন্ধ কৰিব লাগিব তাই এতিয়া। নহলে যে ৰতন ককাইদেউৰ মানুহজনীৰ দৰেই তাইৰ পেটটো ডাঙৰ হৈ যাব।
নিজৰ চিন্তা ভাৱনাত আত্মমগন হৈ খোজকাঢ়ি গৈ থকা অমৃতাৰ হঠাতে খোজত যতি পৰিছিল চাইকেলৰ টিলিঙাৰ চিনাকি শব্দত। হাঁহি এটি বাগৰি গৈছিল তাইৰ ওঁঠত।
: ক'ত গৈছিলি? ব’ল। উঠ চাইকেলত। থৈ আহোঁ।
উলাহত চাইকেলত উঠিব লৈও ৰতন ককাইদেউৰ মানুহজনীৰ পেটটোলৈ মনত পৰি ৰৈ গৈছিল তাই।
:তই যা৷ মই খোজকাঢ়ি যাম।
:কিয়?
আচৰিত হৈ অনুৰাগে কিছুপৰ থেৰোঁগেৰুকৈ থিয় হৈ থকা অমৃতালৈ তীক্ষ্ণ দৃষ্টিৰে চাই ৰৈছিল।
: উঠ বুলি কৈছো নহয় চাইকেলত।
অনুশাসনৰ সুৰত কোৱা কথাষাৰ পেলাব নোৱাৰি কি কৰোঁ কি নকৰোকৈ অমৃতাই চাইকেলত উঠিছিল।
সেইৰাতি ঘৰতো একো কামত মন বহুৱাব পৰা নাছিল তাই। তাইৰ মন মগজুত বাৰে বাৰে অনুৰণিত হৈ ৰৈছিল পেহীয়েকৰ কোৱা কথাবোৰ।
“ অনুৰাগ ডেকা হ’ল। তয়ো গাভৰু হলি।”
“অনুৰাগ ডেকা হ'ল।......
সাগৰীয় চেঁচা বতাহজাকে পুনৰ গালে ওঁঠে চুমি গল তাইক।
আকাশখনলৈ মূৰ তুলি চালে তাই। আকাশত এতিয়াও
জিলমিলাই আছে সান্ধ্য তৰাবোৰ, আৰু উজ্জ্বলি আছে স্নিগ্ধ জোনাক। এই মহানগৰীক জানো প্ৰয়োজন আকাশৰ
তৰাৰ??....জোনবাইৰ প্ৰশান্তিময় আলোকময়তাৰ?? সন্ধিয়া নামি অহাৰ লগে লগেই লাইটৰ সমাহাৰত উজ্জ্বলি উঠে
এইখন মহানগৰী।
ক'ত গল সেই সেউজ পথাৰ, সেউজ গাঁও, সেই নদী ... বিস্তৃত সেউজীয়াৰ মাজে মাজে পুৱা সন্ধিয়া দৌৰি ফুৰা সেই নিৰ্ভীক, নিষ্পাপ লৰা ছোৱালী হাল!!...ক’ত গল সেই কৈশোৰৰ দুৱাৰদলিত থিয় হোৱা সেই নিষ্পাপ কিশোৰ কিশোৰী..?? ....আৰু তাহাঁতৰ অব্যক্ত হৃদয়ৰ ভাষা...?? অভিমানত উন্দুলি উঠিছে তাই।
: কি হৈছে কচোন? মোৰ পৰা আতৰি ফুৰা হৈছ যে??
অলপ খং আৰু অভিমান একাকাৰ হৈ ধৰা দিছিল অনুৰাগৰ চকু মুখত সেইদিনা। কিছুদিনৰ পৰা সি লক্ষ্য কৰিছিল অমৃতাই যেন জানি বুজি তাৰপৰা আঁতৰি ফুৰা হৈছে। সি ধেমালি কৰি তাইক জোকালে তাৰ পিঠিত ঢকাটো দিবলৈও যেন সাহস নকৰা হ'ল তাই।
: অনু....তই ডেকা হ’লি।