পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাথোঁ প্ৰেমৰ বাবে

ভৱানী পেগু

 বেলিটো দিগন্তৰেখাত বিলীন হৈ যোৱাৰ পিছত সান্ধ্য তৰাবোৰ ফুটছাই বৰণীয়া আকাশখনৰ অত তত এটা এটাকৈ চিকমিকাই উঠিছে। অসীমত আকাশৰ দূৰ সীমনা আৰু সাগৰৰ নীলাবোৰ যেন একাকাৰ হৈ গৈছেহি... বতাহত ফৰফৰাই কঁপি উঠিছে সমুদ্ৰ তীৰৰ ছিৰিলি নাৰিকল গছৰ পাত।

 সাগৰৰ ঢৌবোৰৰ গৰ্জন অমৃতাৰ কৰ্ণকোঁহৰত গভীৰৰপৰা গভীৰতলৈ গৈ যেন এটি সংগীতৰ লহৰ তুলিছেহি।  “আস’’

 দুচকু জপাই , দুহাত মেলি তাই অনুভৱ কৰিছে সাগৰীয় হিমশীতল চেঁচা বতাহজাকক।

 একেইটো!

 সন্ধ্যা গাঁৱৰ নদীৰ পাৰত বহি অনুভৱ কৰা সেই নৈপৰীয়া চেঁচা বতাহজাকৰ দৰেই... সেই একেই অনুভৱ...!

 অমৃতাই সুযোগ পালেই সন্ধিয়া ওলাই আহে সমুদ্ৰ তীৰলৈ। সমুদ্ৰ গৰ্জন আৰু ঢৌ বোৰৰ সৈতে আছে তাইৰ নিবিড় সম্পৰ্ক। সমুদ্ৰ তীৰৰ বালিচৰত বহি সাগৰীয় চেঁচা বতাহজাকক তাই তুলনা কৰে সেই শৈশৱৰ তাইৰ মৰমৰ নৈখনৰ পাৰৰ চেঁচা বতাহজাকৰ সৈতে।

 অমৃতাৰ মনৰ আকাশত বিচৰণ কৰিছেহি এজনী সৰু ছোৱালীয়ে।

 ...উদং ভৰিৰে মলিয়ন এটি চুটি ফ্ৰক পিন্ধি, ৰঙা ৰিবনেৰে দুফালে দুকোঁচা চুলি বান্ধি, নদীৰ পাৰে পাৰে উন্মনা হৈ দৌৰি ফুৰা ... বনৰীয়া চৰাইৰ দৰে উৰি ফুৰা শৈশৱৰ সেই অমৃতাজনী। সেউজীয়া পথাৰৰ মাজৰ সৰু সৰু আলিবোৰৰ ওপৰত দুহাত মেলি এবাৰো পৰি নোযোৱাকৈ কেনেকৈ যে অনায়াসে দৌৰিব পাৰিছিল তাই!

 আৰু ... আৰু অনুৰাগ??

 সিওটো তাইৰ দৰে একেই বনৰীয়া আছিল। ক্ষীণ, লাহী শৰীৰ, এমূৰ কেঁকুৰা চুলিৰে, সেই গভীৰ চকুহালেৰে , তাইৰ শৈশৱৰ লগৰী... তাইৰ কৈশোৰৰ প্ৰথম সপোন ...অনুৰাগ!!

 কি কি কৰা নাছিল সি তাইৰ বাবে??

 তাইৰ লগত গাঁৱৰ অলিয়ে গলিয়ে ঘূৰি ফুৰা, নদীত শামুক বিচৰা, পাৰত বহি বালিঘৰ সজা, পেন্টৰ পকেট ভৰ্তি কৰি সৰু সৰু শিলগুটি বাচি বাচি বুটলি অনা, তাৰপিছত আকৌ দুয়ো গৰাত বহি সেই শিলগুটি নদীৰ বুকুত উৎপন্ন হোৱা সৰু সৰু বৃত্তাকাৰ ঢৌবোৰলৈ দলিয়াই দিয়া....আৰু যে কত কি!!

 পথাৰৰ বুকুৰ সেউজীয়াত, নৈৰ পাৰত বনৰীয়াৰ দৰে নিৰ্ভীকভাৱে ঘূৰি ফুৰা ছোৱালীজনী ডাঙৰ হৈ আহিছিল।

 শৈশৱ কৈশোৰৰ দুৱাৰদলিত ভৰি দিছিলহি। লাহে লাহে চুটি ফ্ৰকবোৰ আৰু চুটি হৈ আহিছিল৷ পেহীয়েকৰ খেছখেছনিত অতিষ্ঠ হৈ অমৃতাই চুটি ফ্ৰক এৰি কপাহী মেখেলা চাদৰ পিন্ধিবলৈ লৈছিল।

 দুকোঁচা চুলিৰ ঠাইত হৈছিলগৈ দুডলীয়া বেণী। গাল দুখনত পৰা গোলাপী আভাই তাইৰ ৰূপত যেন অধিক ৰং চৰাইছিল। স্কুললৈ যাওঁতে লৰাবোৰে তাইক ঘূৰি ঘূৰি চোৱা হৈছিল।

আৰু.....অনুৰাগ!

 সিওটো আগতকৈ বেছি ওখ হৈছিল, বুকুখন বহল হৈছিল, নাকৰ তলতে দেখ দেখকৈ গোঁফৰ ৰেখা এডাল ওলাইছিল,....মাত ভাঙিছিল।

 অনুৰাগৰ ভঙা মাত শুনি অমৃতাই তাৰ চৰ্দি, কাঁহ হব লোৱা বুলি অলপ দূৰৈত থকা পেহীয়েকৰ ঘৰলৈ গৈছিল দৰব

বিচাৰি।