পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Co @ মণ্ডলী কি? দ্বিতীয় অধ্যায়। মণ্ডলী এটা ডাঙ্গৰ পৰিয়ালৰ নিচিনা যি যীচুখ্ৰীষ্টৰ সকলো শিষ্যৰ পৰা হৈছে। প্ৰত্যেক পৰিয়ালত পিতৃ মাতৃ থাকে যিবিলাকে নিজৰ সনবিলাকক আজ্ঞা পালন কৰিবলৈ হুকুম দিযে। তেনেকৈ কাথলিক মণ্ডলীতো পোপ আৰু বিশ্বপ সকল আছে যি সকলে মানুহবিলাকক শিক্ষা দিয়ে আৰু সিহঁতৰ শিক্ষা অনুসাৰে চলে। মংলী এভাল ডাঙ্গৰ গছৰ নিচিনা। গৰম কালত যেতিয়া বেচ গৰম হয় তেতিয়া নিশা চৰাইবোৰ গছত থাকে আৰু তাত জিৰণি লয়। তেনেকৈ আমাৰ নিমিত্তে মণ্ডলীয়ে আমাক জিৰণি দি আমাক ৰক্ষা কৰে। কিন্তু মণ্ডলীৰ অৰ্থ তাতকৈ বেচি বুজায়। তেওঁ এটা ডাঙ্গৰ জাহাজৰ নিচিনা। তুমি সমুদ্ৰ দেখা নে? সমূহ এটা ডাঙ্গৰ হ্ৰদৰ নিচিনা আৰু ইমান ডাঙ্গৰ ৰে তাৰ আনটো পাৰ দেখা না যায়; তাক পাৰ হবলৈ বহুত দিন লাগে। বহুত মানুহে আনটো পাৰ পাৰলৈ চেষ্টা কৰে, কোনো কোনো মানুহে ডাঙ্গৰ জাহাৰ দ্বাৰা, কিন্তু কোনো মানুহ ইমান মুখ যে মাতুৰিও পাৰ হব খোজে। তাৰ ফল যিবিলাকে সঁতুৰি পাৰ হব খোজে ভাগৰ লাগি আগ বাঢ়িব নোৱাৰি ডুবি মৰি যায়। কিন্তু যিবিলাকে জাহাজত উঠে সিবিলাকে সোনকালে আনটো পাৰ পাব পাৰে। আমিও এই সংসাৰ সমুন্নত জীয়াই একি অগলি খুজিছে।