পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(4) আৰু মধুৰ আছিল যে ফুচে ৰৈ বৰ আচৰিত হৈ নিজে নিজে ভাবিলে, “এই লৰাটো ফোন? সি দেখোন মোক দেখি ভয় কৰা নাই। তাঁৰ মুখ সূৰ্য্যৰ দৰে জিলিকিছে ”! সি গৈ সুধিলে " বাছা, কলৈ ঘোৱা? মই তোমাক কোনো সহায় কৰিব পাৰেনে?” “নিশ্চয়! মোক নৈৰ সিপাৰ কৰিথৈ আহ; কিন্তু মই সন্দেহ কৰে মই তোমাৰ নিমিত্তে অতিশয় গধুৰ হ'ম।” লৰাটিয়ে কলে। “মোৰ নিমিত্তে অতিশয় গধুৰ? তুমি কোৱা কি? তুমি আজানানে যে মই হাতীৰ সমান বলী? এই বুলি কৈ ফুচে সেই আচৰিত লৰাটি কান্ধত লৈ নৈত নামি গ'ল। কিন্তু অলপ অলপকৈ লৰাটি ইমান গধুৰ হবলৈ ধৰিলে যে শেহত বেচে ফুচ ভৰত ঘামি-জামি কুঁজা হৈ পৰিল। শেষত সিটো পাৰ পাই লৰটিক নমাই থৈ আকৌ সুধিলে “কোৱাচোন, তুমি কোন? তুমি কিয় ইমান গধুৰ?

লৰটিয়ে হাঁহি হাঁহি ক'লে “ মই “যীচু”; মই ইমান গধুৰ, কিয়নো মই তোমাৰ পাপ হৰণ কৰি আনিছে।” এই বুলি কৈ তেওঁ নাইকিয়া হল। সেই দিনৰ পৰাই একাইত ফুচ সত খ্ৰিষ্টাৰ হ'ল। ক্ৰিটিক মানে যীচুক কঢ়িয়াওঁতা। আমি সকলোৱেই ক্ৰিষ্টাৰ হৈ যীচুক হয়ত লৈ ফুৰা উচিত।