পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

es চৰ প্ৰেম । সকলো যুগৰে মহান শিক্ষক যীচু। তেওঁৰ জ্ঞান, নীতি শিক্ষা আৰু মানুহৰ ওপৰত কৰা প্ৰভাৱেই তেওঁৰ মহত্বৰ চিন। তেওঁ সৰ্বজ্ঞানী; সত্য শিক্ষা দিওঁতে তেওঁ আচল আৰু উত্তম উপায় অবলম্বন কৰিছিল। সংসাৰক তেওঁ ধৰ্ম্ম সমাজ আৰু ৰাজকীয় এই সকলো বিষয়তে পৰিবৰ্তন কৰিলে। তেওঁ সংসাৰলৈ অহাৰ লগে লগে মানুহ ৰীতি নীতি, স্বভাব চৰিত্ৰত বহুত আগ বাঢিল। সংসাৰত আজিলৈকে নাজৰথী য'চুৰ বাহিৰে এনে কোনো মহৎ পুৰুষ উদ্ভব হোৱা নাই সি উনৈশ শতিকাৰ ভিতৰত প্ৰতি যুগে যুগে জাতি বৰ্ণ নিৰ্বিশেষে পৃথিবীৰ প্ৰতি ঠায়ে ঠায়ে অসংখ্য অসংখ্য সত্য প্ৰেমী ভক্ত লাভ কৰিছে। যীচুৱে আবিৰ্ভাব কৰা এই নব মুগৰ প্ৰকৃত প্ৰমাণ পূৰ্বৰ সৌ অখ্ৰষ্টীয় সকলৰ দিনৰ লগত আজিৰ, বেথেলহেমৰ উজ্জ্বল তৰাটিয়ে যুদিয়াৰ পাহাৰৰ ওপৰত পেলোৱা ৰূপালী পোহৰৰ পাচৰ সংসাৰৰ লগত ৰিজাই চালে ওলাই পৰে। যীচুৰ মহিমা মানুহৰ আত্মিক আৰু সাংসাৰিক বিষয়তে কেনে শক্তি শালী। তেওঁৰ শিক্ষা মানুহৰ দুৰ্বল প্ৰভাৱৰ লগত নিমিলিছিল। তেওঁৰ সেই শিক্ষাই মানুহৰ ইচ্ছা আৰু আকাঙ্ক বাধা দিছিল। তেওঁৰ মুক্ত জীৱনৰ আৰম্ভতে অতীজৰ আচাৰ ব্যবহাৰ এৰি দিলে। যি মানুষ প্ৰবৃত্তি ঘৃণা প্ৰতিশোধ উদগাইছিল, যি মানুহক সদায় নিম্নশ্ৰেণীত ৰাখিছিল, যি দুঃখ দৈন্য দৰিদ্ৰতাক অৱজ্ঞাৰে চাইছিল সেইবোৰ তেওঁ সদায় এৰিছিল আৰু সকলোকে এৰিবলৈ কৈছিল। তেওঁ ইচ্ছা কৰিছিল সকলোৱে তেওঁৰ এই শিক্ষা দিৰুক্তিৰে গ্ৰহণ কৰিব। যাৰ পৰা মানুহ সদায় আঁৰত বৰং