পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৪)

যায়। মনুষ্য জাতি বহুত লৰা ছোৱালীৰে কেৱল এজন বাপেক থকা এটা ডাঙ্গৰ পৰিয়ালৰ নিচিনা। সকলো বিলাক লৰা ছোৱালীয়ে একেটা বাটেদিয়েই তেওঁৰ কাম কৰা আৰু তেওঁক মানি চলাটোবেই স্বাভাবিক। যদি বাপেকে কোনো এটা ৰীতিৰে এটা কাম কৰিবলৈ হুকুম দিয়ে, লৰা ছোৱালীৱে সেই কামটো সেই ৰীতি মতে অৱশ্যে কৰিব লাগে।

 এতিয়া আমি আমাৰ বিষয়ে কি দেখিছোঁ। আমি হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান আৰু বহুত মানুহে এটা ধৰ্ম্মৰ পৰা সম্পূৰ্ণ ভিন্ন ৰকমে কৰা দেখিছোঁ। হিন্দুৱে বহুত দেৱ দেবীক বিশ্বাস কৰে। মুছলমানে কয় যে সেইটো ভূল। খ্ৰীষ্টিয়ানে ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীস্টক বিশ্বাস কৰে। যি এজন মানুহ হৈ সকলো মানুহ জাতিৰ কাৰণে প্ৰাণ ত্যাগ কৰিছিল। কিন্তু অন্য মানুহে সেইটো বিশ্বাস নকৰি জন্তু আৰু মূৰ্ত্তি পূজা কৰে।

 তুমি ভাবানে যে ঈশ্বৰক সন্তোষ দিবলৈ এইটোবেই অতি সজ বাট? যদি সকলোৰে পিতা এজন তেন্তে তেওঁ কেনেকৈ তেওঁৰ সন্তান বিলাকক ওলোটা বাটেদি তেওঁৰ কাম কৰিবলৈ শিকাব? সত্য কেবল এটা যেনেকৈ এক সূৰ্য্যৰ পোহৰ আৰু গৰম গোটেই পৃথিবীতে বিয়পি পৰে সেইদৰে সকলো মানুহৰ কাৰণে সজ, ঈশ্বৰৰ ধৰ্ম্ম অৱশ্যে এটা হোৱা উচিত।

 এই পৃথিবীত বহুত ধৰ্ম্ম আছে। কিন্তু সিহঁত সকলো ঈশ্বৰৰ পৰানে? নহয়, সিহঁত মানুহৰ দ্বাৰাই শিক্ষা পোৱা আৰু সৃষ্টি হোৱা। চিন দেশত কনফুচিয়াচ নামেৰে এজন মানুহ আছিল। তেওঁ তেওঁৰ ধৰ্ম্ম সেই দেশৰ মানুহবিলাকক শিকাইছিল। পুৰণি ভাৰতত বুদ্ধ আছিল। কিন্তু এতিয়া ভাৰতৰ নিশ্চেই অলপ মানুহে হে তেওঁৰ ধৰ্ম্মত বিশ্বাস কৰে। আৰৱত মহম্মদ আছিল তেওঁ আৰব বিলাকক অন্য ৰকমে ‘আল্লা" (ঈশ্বৰ) ক পূজা কৰিবলৈ শিকাইছিল। পাৰস্যত যোৰোৱাস্তাৰ আছিল আৰু সেই কাৰণে প্ৰত্যেক দেশতে কিছুমান চতুৰ মানুহে এক ৰকমৰ পূজা কৰিছিল।

 কিন্তু এই বিলাক ঈশ্বৰৰ পৰা পোৱা ধৰ্ম্মনে? নহয়, সিহঁত নহয়। সেই বিলাক কেৱল মানুহৰ শিক্ষা, তথাপি সিহত সজ আৰু চতুৰ হব পাৰে। তেন্তে ঈশ্বৰৰ ধৰ্ম্ম কোনটো?