পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৬)

থাকিবলৈ ইচ্ছা কৰে, সেই যাতনা, দুঃখ ভোগ যি জনে ঘিনাইছিল তেওঁ যীচুৰ শিষ্য হব নোৱাৰিছিল। শিষ্যবিলাকক তেওঁ বিলাস বাসনা, যশ গৌৰব, ধন-ঐশ্বৰ্য্য ত্যাগ কৰিবলৈ আদেশ দিছিল আৰু শিকাইছিল যে তেওঁৰ কাৰণে মৃত্যু, তেওঁত আৰু তেওঁৰ নামত বিশ্বাসৰ প্ৰকৃত প্ৰমাণ হব। যদিও অনেকে যীচুৰ এই কথাত আচৰিত হৈছিল তেওঁ লোকে প্ৰত্যেকেই নিজৰ জীৱনৰ পৰাই জানিব পাৰিছিল যে দুঃখ ভোগ মানুহৰ জীৱনৰ এটা অখণ্ডনীয় দশা। কোনোৱে শৰীৰৰ অসুখত ভুগিছে, কোনোৱে মনৰ অসুখত ভুগিছে কোনোৱে শৰীৰ মন এই দূয়োৰে অসুখত ভুগিছে। সচাকৈয়ে যি সকল তেওঁৰ পৰা আতৰি গৈছিল সেই সকল বৰ ভাগ্যৱান হলহেতেন যদি সিবিলাকে বুজিলে হেতেন যে যীচুৱে “যদি কোনোৱে মোক অনুসৰন কৰিবলৈ ইচ্ছা কৰে, তেন্তে তেওঁ অগেয়ে আত্ম- ত্যাগ কৰোক আৰু তেওঁৰ ক্ৰুচ বহন কৰি মোৰ পাছে পাছে আহোক।” কিয়নো বান্ধোন আনন্দৰ আৰু মোৰ ভৰ লঘু (মথি ১১,৩০) বুলি কওঁতে দয়া আৰু কৰুণাৰ বশ হৈছিল। মানুহৰ বঞ্চিত সুখ সম্পদৰ বাট দেখুৱাইছিল। আত্মাৰ এই সুখ শান্তি লভিবৰ উপায় আমাৰ আত্ম ত্যাগৰ ভাব ধৈৰ্যেৰে বস কৰি সাহস মনেৰে, বিশ্বাসেৰে বহন কৰাৰ বাহিৰে অন্য কোনো নাই। দুঃখ যন্ত্ৰনা মানুহৰ উৎপত্তিৰ পৰাই আৰম্ভ আৰু ইয়াৰ হাত কোনেও সাৰিব নোৱাৰে; কিয়নো ঈশ্বৰৰ ইচ্ছাই মানুহৰ ইচ্ছা নহয়। যি সকলে নাজৰখীয় যীচুত মুক্তি কামনা কৰে সেই সকলে বিশ্বাসত অনুপ্ৰাণীত হয় যাক তেওঁলোকে বৰ্ণাব নোৱাৰে। সৰু সকলৰ জীৱন বিচাৰি প্ৰতি পাতে পাতে দেখিবলৈ পাবা। দুঃখ যাতনা তেওঁলোকৰ মনত একো নহয় কিয়নো সেই সকলে যীচুৰ কাৰণে, স্বৰ্গৰ এটি অফুট আহ্বানত হৈ সেই সকলো নীৰবে সহ্য কৰিছিল।

 যীচুৰ ক্ৰুচ সচাকৈয়ে কেনে মধুৰ। বিশ্বাসী সকলৰ কাৰণেই কেনে মহৎ কেনে আদৰৰ বস্তু! আহা হে ভাই ভনীসকল, আহা যীচুৰ ক্ৰুচ-মনত যীচুত স্থিৰ বিশ্বাস ৰাখি সকলোৱে কান্ধত তুলি লওঁক। আমি যীচুৰ প্ৰিয় ভক্ত হম, স্বৰ্গ আমাৰ ৰাজ্য হব।

পিতৰ পদ্ম গগৈ।