পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০৯
গাঁৱলীয়া বোৱাৰী।


শিক্ষা নাই অন্তৰত নানা তৰ্ক তুলি,
প্ৰধানতঃ সুশৰীৰে দুঃখ পায় বুলি,
গ্ৰাম্য বোৱাৰীয়ে ভাই
পৰিশ্ৰমে নেকেঁকায়,
ৰঙ্গমনে পৰিশ্ৰম কৰিছে সতত,
হাতে যেন কাৰ্য্য লাগি আছে অবিৰত!

গৃহকৰ্ম্ম সাঙ্গ হল সময় বুজিলে,
নীৰবে চেঁচা পানীকে মূৰত ঢালিলে,
বোৱাৰীৰ ভাগ্যে, ভাই,
তপতোৱা পানী নাই,
কোমল শৰীৰে পুনঃ কঠিন প্ৰহাৰ,
কোমলে কঠিনে মিলে দেখা আৰ বাৰ!
১০
কুসাজে লাৱন্য-ৰূপ ঢাকিব নোৱাৰে,
চাকিয়ে আপুনি পোহৰাই অন্ধকাৰে,
ৰূপহ শৰীৰে ভাই,
যোগীনী সাজ পিন্ধাই
কোমলত কৰে পুনঃ কঠিন মিলন,
গ্ৰাম্য-গৃহ এই দৰে কৰিছে শোভন!
১১
কাৰ্য্য-ক্ষম, পৰিশ্ৰমী শৰীৰ শকত,
কেতিয়াও নিবিয়লে অলপ জহত,
শকত শৰীৰে হয়,
শক্তিমন্ত সুতনয়,
পৰিশ্ৰমী মাইকীৰ পৰিশ্ৰমীসুত,
আটিল শৰীৰ দেহ বহু বলযুত!

৫২