পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫১
সীতাহৰণ কাব্য।

তৃণ, পত্ৰ, লতা, বনে শৰীৰ সজ্জিত।
নিৰ্ঝৰিণী শত শত (পাষান হৃদেও
থাকে দয়াময়ী মূৰ্ত্তি; সমাংস শৰীৰী
মানব নিষ্ঠুৰ কিন্তু, ধিক হেন নৰে),
শত নিৰ্ঝৰিণী গিৰি স্ববক্ষ বিদাৰি
দিছে বহিৰ্গত কৰি, কল কল স্বৰে।
চলিছে সলিল-শ্ৰোত শিলা ৰাশি মাঝে
ধৰি দুগ্ধ নিভ বৰ্ণ ঠেকিছে যি স্থলে।
কি মতে বৰ্ণিবোঁ শোভা? যি জন ভ্ৰমিছে
পৰ্ব্বতে, বুজে সি মাত্ৰ কি শোভা সুন্দৰ।
হায়ৰে লেখনি মোৰ, শিখৰে শিখৰে,
গিৰি পদতলে, ঘোৰ কন্দৰে কাননে
ভ্ৰমিলি অভাগা সঙ্গে, কত কত বাৰ;
দেখিলি স্বচক্ষে শোভা; কিয় অপাৰগ
বৰ্ণিবে দেখিলি যেহি? বুজিছো কাৰণ,
নাইবল দেহে, মন কি হব থাকিলে।
জানিয়া প্ৰভাত নিশি, সজীব জগৎ
বৃক্ষে বৃক্ষে তৃণে তৃণে সুমন্দ শ্বসণ।
স্বনিলা; কৰিলা বন দেবীক ব্যাজন।
ফুটিলা অসংখ্য ফুল বনৰত্নাবলী;
সম্ভাষিলা ঘ্ৰাণেন্দ্ৰিয় প্ৰদানি সুঘ্ৰাণ,
ৰঙিলা নয়ন ৰূপে। নিকুঞ্জে নিকুঞ্জে,
নিন্দিয়া মানব কৃত বাদ্য যন্ত্ৰ স্বৰ,
গাইল। বিহগ গণ। হৰিণ হৰিণী,
লক্ষ্যে জম্ফে বন মাঝে কৰিলা ভ্ৰমণ।