পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫০
অসমীয়া সাহিত্যৰ চানেকি।

দৰ্শে দীনবন্ধু মুখ; দেখি দীনবন্ধু
মুছিলা বদন-বাৰি আদৰে সবাৰ।
প্ৰসাৰি সহস্ৰ কৰ; দীনবন্ধু যথা
কৰয় আদৰ দীনে। কুসুম বদন
হাসি নিঃসৰিত মধু লোভে লোভী যত
গুঞ্জৰি মধুপ পুঞ্জ উড়িলা চৌদিশে
চুম্বি প্ৰতি পুষ্পানন। স্বাৰ্থপৰ অলি
পীয়ে মধু, বঞ্চি আনে; দেখিয়া সমীৰ
উদাৰ, উজাৰি পুষ্প-পৰিমল মধু
বিলাইলা, দাতা যথা, সৰ্ব্বজীব গনে।
পুলকিত প্ৰাণী যত মধুৰ আঘ্ৰাণে।
কুহৰিলা পিককুল; গাইলা শালিকা
খেলি মেলি গীত; প্ৰিয় বিৰহ কাতৰা
কেতকী বিনালা ঘনে ‘কেতকি! কেতকি!';
গহন কানন মাঝে ডাকিলা সুধীৰে
‘সহদেব সহদেব’ সহদেব পক্ষী।
শিখৰে পাদপ শিৰ শোভি শিখিবৰ।
কানু শিৰে চুড়া যথা—, উচ্চৰাৱ কৰি
ডাক দিলা ‘ৰাম কানু', প্ৰতিধ্বনি তাৰ
ধ্বনিল গহ্বৰ ঢাকি। কনক মণ্ডিত
চষ্ণু নেত্ৰ পদ যাৰ, বিহগী ময়না
দ্বিজধন্যা কূজনীলা; গাইলা ধনেশ
হৰিষে,-ধনেশ জন হৰষিত যথা;
গাইলা পাৰ্ব্বত্য পক্ষী আৰু কত কত।
হায় পৰ্ব্বতীয় শোভা কিবা মনোৰম!
বিস্তাৰি বিস্তীৰ্ন্নকায় ব্যাপি বহুস্থল,
উচ্চশিৰে ধৰাধৰ, ধৰাপতি যেন,
দৰ্শিছে চৌদিশ গৰ্ব্বে। সহস্ৰ সহস্ৰ
শিলাৰূপী-গজ-মালে আবৰিত দেহ
কোন স্থলে; কোন স্থলে উচ্চ তৰু ৰাজি,