পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫২
অসমীয়া সাতকাণ্ড ৰামায়ণ।

আসামবাসী।

হে আসামবাসি! মিনতি আমাৰ,
নয়ন উম্মিলি দেখা একবাৰ;
সদাই নিদ্ৰিত, অতি অনুচিত,
দেখা একবাৰ নয়ন মেলি।
তোমাসব সম কোন হেন জাতি,
আলস্যৰ বশ, উলটি পালটি
কোন হেন জাতি, চিৰ শয্যা পাতি,
শুইয়াছে দেখা মস্তক তুলি।

কোন হেন জাতি অন্ধকাৰে পৰি,
আলোক এৰিয়া কৰে ধৰ ফৰি?
কোনো নোহে এনে, সবেও যতনে,
ধাইছে পোহৰে আন্ধাৰ ত্যজি।
সবে সচেতন এৰিয়া আলস্য;
সবেও আনন্দে মুখে কৰি হাস্য।
আত্মোন্নতি ৰত, দেখোন্নতি ৰত,
আসাম কেবল নিদ্ৰিত আজি।

আসাম কেৱল আজিও নিদ্ৰিত,
আসাম কেৱল আজিও ঘৃণিত;
জড় বস্তু প্ৰায় কিম্বা মৃত কায়
স্বৰূপ আজিও আসমবাসী।
নাই পৰিশ্ৰম নাই কোনো চেষ্টা,
ভাবিছে আলস্য পৰম দেৱতা;
নাহিকে উন্নতি মাত্ৰ আধোগতি;
বদন বিমৰ্ষ নাহিকে হাঁসি।

মুখে ‘নাই হাঁসি’ ইকথাও নোহে,
পৰৰ দুঃখত সবে কিন্তু হাঁহে;