পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪৪
অসমীয়া সাহিত্যৰ চানেকি।

 তাৰ পাশে লং ফুল
 গন্ধেৰে কৰে আকুল,
জায়ফলে ওপৰতে দেখিবলৈ ভাল।

 এই বোৰ গছে পৰি
 নানা পখী সুৰ ধৰি
বহুবিধ মাত মাতি গাইছিল গীত,
 সৰু সৰু কোনো বোৰে
 ঝপিয়াই নৃত্য কৰে
ইপিনে সিপিনে পৰি মোহি নিয়ে চিত,
কোনো বোৰে মুখ মেলি কৰে পিত পিত।

 ইচ্ছা হয় এই বনে
 থাকিয়া একান্ত মনে,
প্ৰকৃতিৰ সহ সুখ কৰোঁ অকলৈ,
 নিজৰাৰ খাম পানী
 তাত একো নাই হানি
পূৰিম উদৰ মোৰ ফল মূল লই।

 নাই তাত কোনো দুখ
 চিৰকাল পাম সুখ
ভয় চিন্তা আশঙ্কা সকলো দূৰে যাব।
 সুখ চিন্তা মনে ধৰি
 জ্ঞানকে উদ্দেশ কৰি,
থাকিম আঁতৰি মাজে মন থিৰ কৰি।

 নিজৰাৰ ওচৰত
 দুপৰীয়া সময়ত,
শিলৰ ওপৰে বহি গছৰ তলত,
 ভাবিম নিগূঢ় ভাব।
 সংসাৰৰ গতি ভাব।
কিয়নো ভ্ৰমিছে প্ৰাণী এই জগতত।