পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪৩
বাঞ্ছা।

 গই দেখা পালোঁ যিবা
 তাৰ কথা কম কিবা,
নেদেখিলে কাৰো কতু বিশ্বাস নহয়।
 শোভাৰ নাহিক শেষ,
 ধৰিয়া অপূৰ্ব্ব বেশ,
বিৰাজে প্ৰকৃতি দেবী তাত অকলৈ।
দেখিলে এবাৰ তুমি কৰিব প্ৰত্যয়।

 কোনে তাত ৰুইছিল
 কোনে পতি কৰিছিল,
এতেক খাজুৰি গছ তাল, নাৰিকল,
 তামোল, আহঁত, চাম।
 শাল, শিশু আৰু আম
কত কত আৰু তাত আছে শিৰিফল।

 কোনো ডাল আছে লাগি
 কোনো ডাল দুৰভাগী,
নাই লগা গুটি তত বজা গছ হাঁয়!
কাৰৰ কাৰো তল ভৰি
 আছে ফল সৰি সৰি।
 লাৰোতা চাবোঁতা তাক কোনো তাত নাই।

 আছে তাৰ মাঝে মাঝে
 ইসব গছতো বাজে,
নানাবিধ অচিনাকী গছ মজলীয়া,
 দেখিব সুন্দৰ অতি
 ৰূপেৰে মোহয় মতি
ওখয় ডাঙ্গৰে দেখি বিশেষ ধুনীয়া।

 তাকে বেঢ়ি অনুগতা
 সৰু ইলাচিৰ লতা
বগাইছে আগগুৰি ঢাকি সৰ্ব্ব ডাল,