পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪৫
বাঞ্ছা।

 কি কাৰণে জন্ম হয়,
 কিয়লৈ নো পায় লয়,
কৰ পৰা আহে আৰু কলৈ চলি যায়।
 এই বোৰ চিন্তা কৰি
 শান্তি জল শিৰে ধৰি
কটাম দিন ভাগ শোভা চাই চাই।

 জোনাক যামিনী হলে
 ধীৰে ধীৰে বায়ু চলে,
ভ্ৰমণ কৰিম ময় কানন ভিতৰে।
 নিস্তব্ধ মূৰতি ধৰি।
 আকাশলৈ দৃষ্টি কৰি,
চিন্তা কৰি চাম ময় অন্তৰে অন্তৰে।

 কিয়নো ঘূৰিছে জোন
 স্ৰষ্টাইবা তাৰ কোন
কিয়লৈবা দিয়ে বিমল পোহৰ।
 সুৰুযেবা কি কাৰণ,
 কৰে ৰশ্মি বিতৰণ,
কৰ পৰা হল আৰু তৰা মনোহৰ?

 কিয় বায়ু বলবান
 বহি মোক দিয়ে প্ৰাণ,
কিয়লৈবা গ্ৰহবোৰ ঘূৰি ঘূৰি ফুৰে,
 কি কাৰণ ধূমকেতু
 বহু অনিষ্টৰ হেতু
মাঝে মাঝে দিয়া দেখা শব্দ কৰি ফুৰে?

 কিয়নো সৰ্জ্জিলে বিধি
 পৃথিবী দুঃখৰ নিধি,
আৰু জন্ম দিলে কিয় যত প্ৰাণীচয়,