পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩৯
ডেকা কাল।

দুঃখহে দেখিছোঁ মই গোটেই স্বৰ্গত,
দুখৰেহে কথা মোৰ জাগিছে মনত॥

ডেকা কাল।

 ইডেন কাননে বসি,
 ভাৱনা মন্দিৰে পশি,
আছিলোঁ এদিন ময় গধূলি সময়
ধীৰে ধীৰে জুৰ বায়ু মৃদু মৃদু বয়।
 অভাবুকে ভাব পায়,
 ভাবুকৰ কথাই নাই,
কতভাব আহি পৰে তাৰ পৰশনে
কতবিধ চিন্তা আহি দেখা দিয়ে মনে।

 এনে সময়তে তাত
 ধৰাধৰি কৰি হাত
যায় ডেকা লৰা দুটি এই কথা কই,
“যৌৱন কাহাৰো চিৰকলীয়া নহয়”
 এই কথা সিহঁতৰ,
 মনত লাগিল বৰ
উঠিল উঠলি চিন্তা বৰালে মনক
কিয়নো জগতে ভাল বোলে যৌৱনক।

 এই যে যৌৱন কাল,
 যাক সবে বোলে ভাল,
কত মানুহৰ কাল হয় জীৱনত
সদাই ঘটাই থাকে অসুখ মনত।
 কত কিনো উঠে মনে,
 দিনে ৰাতি ঘনে ঘনে,
কত ইচ্ছা কত বাঞ্ছা মনে মনে যায়।
এটাও নুপূৰে মাত্ৰ লোভ দেখুৱায়।