পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪০
অসমীয়া সাহিত্যৰ চানেকি।

 দেখে নানাবিধ কথা
 কিন্তু মনে পায় বেথা,
কিয়নো, নাপায় তাৰ এটাও বিচাৰি,
থাকে আত্ম অভিলাষ মনতেই মাৰি।
 প্ৰৱল মনৰ গতি,
 উধাব পাৰয় অতি,
এতেকতে দেখা পায় সুখৰ উৎকৃষ্ট,
যিটো বৰ ভাল হয় ঈশ্বৰৰ সৃষ্ট।

 কিন্তু হায় ভাগ্যবশে।
 নাইবা কাৰ্য্যৰ দোষে,
ভোগ কৰিবলৈ পায় দুঃখৰ গৰিষ্ঠ
যেই বাটে খোজ পাতে তাতে দেখে ৰিষ্ট।
 দেখে নানাবিধ সুখ
 পাম বুলি মেলে মুখ,
কিন্তু পোৱা টান বৰ সকলো বোৰেই
নোৱাৰে পাবলৈ তাক জন যেই সেই।

 কৰি পুৰুষাৰ্থ টান
 কোনোটোৱে কিছুমান,
পায় হয় মাঝে মাঝে তেজকৰি পানী
কিন্তু তাৰ পৰা শেষে হয় গই হানি।
 অলপ চাকিব পাই
 মন উত্ৰাৱল হয়,
আৰু খোজে খাবলৈ পেট মূৰ ভৰি
কত পাব? পোৱা টান বহু যত্ন কৰি!

 কোনোটো পুলকি হাত
 পৰ্শ সুখ দিয়া গাত,
পলায় লড়িয়া সিতো উভতি নাচায়
কেৱল দুঃখৰ দলি মনক মায়।।