পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩৮
অসমীয়া সাহিত্যৰ চানেকি।

কেতিয়াবা পিৰালিত বহি মনে মনে,
আকাশৰ ফাললৈ চাই ঘনে ঘনে,
 সুখ পাইছিলোঁ দেখি,
 উৰি ফুৰে নানা পখী,
ধীৰে ধীৰে লাহে লাহে ইফালে সিফালে,
নাপাই ঠিকনা যেন যাব কোন ফালে।

চপৰা চপৰী মেঘ সীমা সংখ্যা নাই,
ঘূৰি ফুৰে ঠিক যেন বাট হেৰুৱাই,
 তাৰ তলে তলে হায়,
 চিলনি ফুৰে বনাই,
উড়ি উড়ি ঘূৰি ঘূৰি কাতি কুতা কৰি,
এবাৰ জোকাৰি পাখি এবাৰ বিস্তাৰি।

কিমান নো কম ময় সেই বোৰ কথা,
অলেখ অসীম সাগৰৰ বালি যথা,
 প্ৰাণ ছাটি ফুটি কৰে,
 যেতিয়া মনত পৰে,
সি সব সুখৰ দিন বই গল মোৰ,
এতিয়া চাৰিওফালে দেখোঁ দুঃখ ঘোৰ।

নেপাও এতিয়া কিয় তেনেকুৱা সুখ?
দেখাপালে গোলাপৰ সেই হাঁহি মুখ,
 শুনে সেই কুমাৰণী,
 কৰে শব্দ গুন গুনি,
ভুন ভুন ভোমোৰাই আজিও মাতিছে,
আজিও তম্বুৰা যেন বাজনা বাজিছে।

আজিও ফুৰিছে মেঘ আকাশত চৰি,
আজিও ফুৰিছে সৌৱা চিলা উড়ি উড়ি,
 কিন্তু সেই সুখ নাই,
 আকাশলৈ আছো চাই,