পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০৭
গুৰুলীলা ৷

মথুৰ গোপাল আন ভাল ভাল,
 ছত্ৰ নাজিৰক আদি।
হাঠিয়াৰ দল শিলৈক্ষা বৰুয়া,
 গদাধৰ সত্যবাদী।
ধীৰ নাৰায়ণ দৰ্প নাৰায়ণ,
 কুমাৰ নায়ক গণ।
পাত্ৰ কটোৱাল লোক ভাল ভাল,
 বসিলা আসি তেখন॥
দেবৰাজ ঋষি ঋষি ব্ৰহ্ম ঋষি,
 বসিলা আসি সভাত।
কায়স্থ সকল বৰ বৰ মাল,
 আসিলা সবে সি বেলাত॥
যেন অম্ৰাৱতী পুৰে দেৱসভা,
 মধ্যত ইন্দ্ৰ শোভন্ত।
সেহি মতে পৰী ক্ষিত নৰ ইন্দ্ৰ,
 শ্ৰীযুক্ত হৈয়া আছন্ত।
সেহি সময়ত নৃপতি বোলন্ত,
 শুনা দূত সমিধান।
দামোদৰ ভক তক অতিক্ষণে,
 আমাৰ আদেশে আন॥
ৰজাৰ আজ্ঞাক শিৰোগত কৰি,
 দূতে তেতিক্ষণে গৈলা।
শীঘ্ৰ বেগ কৰি এৰায়া নগৰি,
 প্ৰভুৰ আগে পিত ভৈলা॥
নমস্কাৰ কৰি কৃতাঞ্জলি ধৰি,
 বোলে প্ৰভু শুনিয়োক।
ৰজাৰ আদেশে যাইবে লাগয়,
 শীঘ্ৰে প্ৰভু চলিয়োক॥