পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০৮
অসমীয়া সাহিত্য চানেকি ৷

শুনি তেতিক্ষণে মধুৰ বচনে,
 মাতিলন্ত দামোদৰে।
শুনা ভক্তগণ কৰিয়ো যতন,
 চলিবে লাগয় সত্বৰে॥
এহি বুলি প্ৰভু দোলাতে চৰিয়া,
 ভক্ত সমে চলিলন্ত।
বেদুৱা ব্ৰাহ্মণ প্ৰভুৰ লগত,
 পয়চাৰে চলিলন্ত॥
কত বেলি যাই সিংহদ্বাৰ পাই,
 নামিলেক প্ৰভু তৈত।
বেতৰ পাদুকা চৰণে পিন্ধিয়া,
 পশিলা ৰাজ ঘৰত॥
নগৰীয়া যত ভাল ভাল লোক,
 লগতে আসিয়া আছে।
প্ৰভুৰ লগতে ভকতে সহিতে,
 চলি যায় পাছে পাছে।
কৃষ্ণৰ চৰণ ধৰি হৃদয়ত,
 দেব দামোদৰ যান্ত।
প্ৰবেশ মাত্ৰকে সমস্ত ভকতে,
 হৰিধ্বনি কৰিলন্ত॥
দেখি সভাসদ ভৈলেক তবধ,
 সন্তৰ তেজে ধৰষি।
সাত্বিক যতেক উঠিল প্ৰত্যেক,
 কিছু মাত্ৰ বৈলা বসি॥
প্ৰভু দামোদৰ সভাৰ ভিতৰ,
 প্ৰবেশ ভৈলা যেখন।
পণ্ডিত সমন্তে আতি অৱনতে,
 দিয়াইলেক আসন॥