পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০৬
অসমীয়া সাহিত্যৰ চানেকি ৷

তীৰ্থ স্নান দান কৰ্ম্ম ধৰ্ম্ম হোম,
 মানে কি নমানে তাক।
পুছিবাক যোগ্য হোৱন্ত তোমাৰ,
 মিলায়া পণ্ডিত ঝাক॥
শুনি নৃপবৰে মাতিলা সাদৰে,
 ভাল কথা সুমৰাইলা।
বাগীশ তত্ত্বক সাৰ্ব্বভৌমাচাৰ্য্য,
 হুঙ্কাৰি সবে অনাইলা॥
সত্যত ৰাজেন্দ্ৰ পণ্ডিতৰ ইন্দ্ৰ,
 চক্ৰবৰ্ত্তী আছে যত।
বিদ্যা তপ যোগে সম্পূৰ্ণ সমস্ত,
 শাস্ত্ৰত সবে পাৰ্গত॥
পণ্ডিতৰ গজ পণ্ডিত সমস্ত,
 বেদ বিচাৰক আতি।
গহীন গম্ভীৰ বুদ্ধিত সুথিৰ,
 দশদিশে গৈলা খ্যাতি॥
চন্দন চৌৰাত আসি বসিলন্ত,
 আশীষ কৰি ৰজাক।
ৰজায়ো তাৰাক আদৰ পূৰ্ব্বক
 স্থান দিলা বসিবাক॥
কৰ্পূৰ তাম্বুল কুসুম চন্দন,
 দিয়া সভা ৰঞ্জিলন্ত।
সভাক প্ৰকাশি সিংহাসনে বসি,
 আছা নৃপবৰ শান্ত॥
শিৰে শ্বেত ছত্ৰ চামৰ ঢুলন্ত,
 উপৰত চন্দ্ৰাতপ।
সুবৰ্ণৰ দণ্ড তুলি ধৰি আছে,
 দৰশনে হবে পাপ॥