পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৭
ভক্তিৰত্নাৱলী

ইহাৰ প্ৰমাণ লৈয়োক ঈশ্বৰ
মাধৱৰ বচনত।
ৰাজাৰ আগত আপুনি ঈশ্বৰ
কহি আছা যেন মত॥
বোলন্ত নৃপতি শুনা মহা মতি
তোমাৰ কল্যাণ হৌক।
মোৰ গুহ্য নাম কীৰ্ত্তন কৰিয়া
সন্তোষ কৰাইলা মোক॥
তোমাৰ সম্বন্ধি পৰম সন্তোষ
ভৈলোহো আমি নিশ্চয়।
পৰম গোপনি যেহি বৰ লাগে
লৈয়ো তাক মহাশয়॥
মোহোৰ সম্বন্ধি বৰ লৈয়া আসি
হও আতে খ্যাতিমন্ত।
ভক্তি মহোদয় হুইবেক অপাৰ
বুলিলন্ত ভগৱন্ত॥
শুনা মহাজনে যেন লৈল মনে
বিচাৰিলোঁ আমি পদ।
হুয়ো পুনু কাম বোলা ৰাম ৰাম
গুচোক সব আপদ॥

⸺———


ভক্তিৰত্নাৱলী।
পদ।

জয় জয় কৃষ্ণ কুপা অমৃত সাগৰ।
যাৰ পদ সেৱন্ত বিৰিঞ্চি মহেশ্বৰ॥
মহাবিশ্ব দ্ৰোহী তৰে যাৰ লৈলে নাম।
হেন কৃষ্ণ পদে কৰো সদায় প্ৰণাম॥