পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৮
অসমীয়া সাহিত্যৰ চানেকি।

গুণ কাল কৰ্ম্ম মায়া অধীন যাহাব।
কবে কটাক্ষতে সৃষ্টি পালন সংহাৰ॥
হেন মহেশ্বৰ কৃষ্ণ নিত্য নিৰঞ্জন।
সদায় প্ৰণমো তনি অকণ চৰণ॥
মোৰ নিজ গুৰু হৃদীশ্বৰ যদুৰায়।
দিয়ো উপদেশ মোক কৃপাদৃষ্টি চাই।
পদ বন্ধে নিৰন্ধিৰো তযু গুণচয়।
জানি কৃপাময় মোত হুয়োক সদয়॥
কৃষ্ণ পাদপদ্ম দুই হৃদয়ত ধৰি।
গুৰুৰ চৰণ মনে শিৰোগত কৰি॥
ভক্তি-ৰত্নাৱলী গ্ৰন্থ ভাগৱত সাৰ।
মূকথ মাধৱে পদ কৰিলা প্ৰচাৰ॥
কৃষ্ণক স্মৰণে আৰম্ভৰ সিদ্ধি হোক।
বোলো কৰযোড়ে শুনা সভাসদ লোক॥
অল্পমতি হুয়া বৰ কৰিলো আৰম্ভ।
জানি মহাজনে নকৰিবা উপালম্ভ॥
গৰুড়ৰ উৰাৱ যদ্যপি সম নুই।
পখা অনুৰূপে পক্ষী তেবেকি নুড়ই॥
যদি অনুচিত হয় মোৰ ইটো কৰ্ম্ম।
তথাপিতো মহন্ত জনবো ক্ষমা ধৰ্ম্ম॥
হেন জানি মোৰ যত দোষ পৰিহৰি।
কৃষ্ণ কথা ৰস পান কৰা কৰ্ণ ভৰি॥
নাহি ধৰ্ম্ম কৃষ্ণ কথা শ্ৰৱণত পৰে।
যাক শুনি অতি অন্ত্য জাতিও নিস্তৰে॥
জানি শুনা আন যত ত্যজিয়া চাতুৰী।
আছিলন্ত সন্ন্যাসী নামত বিষ্ণুপুৰী॥
পৰম মহন্ত মহাজন মাঝে সাৰ।
তেন্তে কৰিলন্ত ভাগৱত সাৰেদ্ধাৰ॥
ভক্তিৰত্নাৱলী নামে নাই পটন্তৰ।
পৰম অমূল্য ৰত্ন ভকত জনৰ॥