পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৬
অসমীয়া সাহিত্যৰ চানেকি।

মহা মহা কৰি বিবেকী সকলে,
কৰি অছা নিৰূপণ।
উত্তম শ্লোকৰ গুণ নাম কথা
কৰিবে সদা বৰ্ণন॥
অনেক জনমে পৰম নিষ্কামে
কবিৰে পূণ্য যিজন।
তাৰ ফলে সদা ইজন্মতো সুখে
কৰয় হৰি কীৰ্ত্তন॥
হৰি কীৰ্ত্তনত পৰে যত ফল
কহিয়া আছা ধৰ্ম্মত।
সি সব সকলে বিনাশি কেৱলে
জানিবাহা সাবসত॥
হৰি কীৰ্ত্তনত পৰে যত ধৰ্ম্ম
নানান বিঘিনি গ্ৰস্ত।
হৰিৰ নামসে জানিবা নিশ্চয়
হৰয় তাক সমস্ত॥
যদ্যপি সঞ্জাত নযায় শুক্ৰৰ
বচনে লৈয়ো প্ৰমাণ।
বামুনৰ আগে শুক্ৰ মহা ঋষি
কহি আছা বিদ্যমান॥
যত মন্ত্ৰ তন্ত্ৰ দেশ কাল পাত্ৰ
বস্তুত ছিদ্ৰ আছয়।
তযু নাম গুণ কীৰ্ত্তনেসে তাকো
সমস্তে দূৰ কৰয়॥
কৰ্ম্মৰ বিঘিনি হৰিকেসে নামে
ইতো অদভুত নয়।
যিহেতু নামৰ কীৰ্ত্তনে কৃষ্ণকো
সন্তোষ আতি কৰয়॥