পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৫
ৰামায়ণ-উত্তৰা কাণ্ড।

বশিষ্ঠ প্ৰমুখ্যে ঋষিক নমিলা,
 জানু পাবি এক ঠাই।
কৰি কৃতাঞ্জলি বুলিবে লাগিলা,
 সীতা উপৰক চাই।৷
জন্মে জন্মে হৈবা জনকেসে বাপ,
 সাধো মই পৰবাসু।
দশৰথ ৰাজা হুইবন্ত শ্বশুৰ,
 কৌশল্যা হুইবন্ত শ্বাশু।৷
দুখৰ সহায় ভালুক বানৰ,
 হুইব পুত্ৰ সমসৰ॥
ভৰত লক্ষণ বীৰ শত্ৰুঘণ,
 তিনি সি হুইবা দেৱৰ।৷
স্বপনে সচিতে  আন নবাঞ্ছোহোঁ,
 ৰামে সে হুইবন্ত পতি।
তাহান এহি সে  দুখানি চৰণ,
 জন্মে জন্মে হুইবে গতি॥
হুইবেক তনয়  মহা সুভনয়,
 এহি লৱ কুশ দুই।
হেনয় কলঙ্ক  কদৰ্থনা জোনো,
 আউৰ দুনাই মোৰ নুই৷।
নমি কৌশল্যাক  বুলিলা কাৰুণ্য,
 যি ভৈল মোৰ কপাল।
দুই গুটি পুত্ৰক  সম্পিলো গোসানী,
 কৰিবাহা প্ৰতিপাল।৷
আমাত সঞ্জাত  নাহিকে ৰামৰ,
 পুত্ৰত কমন কাজ।
আছোক পালিব  পুত্ৰ বুলিবাকো,
 ৰামৰ লাগিব লাজ॥