পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৬
অসমীয়া সাহিত্যৰ চানেকি।

কুশক লৱক  গলত বান্ধিয়া,
কান্দিলন্ত সীত৷ শোকে।
তোমাসাক বৰ  কবিতে নপাইলোঁ,
দৈবে দণ্ডিলেক মোকে।৷
অল্পতে তোমাক  কৰিলোঁ ছিণ্দৱা,
হেন সে মই অভাগী।
তিনি মা পোৰ  ভৈল দেখা দেখি,
আজি ই জন্মক লাগি।৷
দুয়ো ভায়েৰে  কন্দল নকৰিবা,
একত্ৰে বঞ্চিবা কাল।
মোক লাগি পুতাই  চিন্তা নকৰিবা,
যি ভৈলা মোৰ কপাল॥
তোমসাৰ দুখ  দুৰ্গতি লৈ যাওঁ,
জীয়া মোৰ লৈয়া আয়ু।
কুলক্ষণী সীতা  পাতালে চলিলোঁ,
পৰিছেদা মোক চাউ ।৷
এহি বুলি মকা  মকি কান্দিলন্ত,
পুত্ৰ দুইৰ ধৰি গলে।
ক্ষেনেকে সন্ধুকি  আখি মুখ পাছে,
মুচিলা বস্ত্ৰ অঞ্চলে।৷
চিত্ত দৃঢ় কৰি  জানকী গোসানী,
ভৈলা শোকে মোহে হীন।
পৰম সাদৰে  কৰিলা ৰামক,
তিনিবাৰ প্ৰদক্ষিণ।৷
চৰণৰ ধূলি  মলচিলা চুলি
বুলিলা পাছে প্ৰণামি।
আৰে প্ৰভু ৰাজ্য  ভুঞ্জিয়োক সুখে,
যাওঁ পাতালক আমি।৷