লাগিল বৈৰাগ্য মনে মিলিল বিচাট।
দিয়া দিয়া দিয়া বসুমতী ঝাণ্টে বাট।৷
দিলে তিনি বাৰ বাৰ ৰামৰ বল্লভা।
টল বল কৰি কম্পিবাক লৈলা সভা।৷
ঠাৎকাৰ শবদে মেদিনী দিলা ফাট।
উঠিল সুবৰ্ণময় সিংহাসন খাট।৷
চিকিমিকি কৰে আহি ৰত্নৰ জেউতি।
সীতাক সাদৰে জোগাইলন্ত বসুমতী।৷
চাৰি নাগ কন্যা ধৰি আছে চতুৰ্ভিতি।
অদ্ভুত দেখিয়া সবে সমাজে বিশ্ৰুতি।৷
হনুমন্ত আদি কৰি যত কপি বল।
কি ভৈল বুলিয়া সবে হৃদয় বিকল।৷
তধা ভৈল ভৰত লক্ষণ শত্ৰুঘণ।
ৰামৰ গাৱত আউব নাহিকে চেতন ৷৷
শুনা সৰ্ব্বজন ঐত কেদিন জীৱন।
মিছা ধন জন জানি তেজিয়ো যতন॥
ৰামৰ সীতাৰ কেনে দুঃখ তাক দেখা।
ইটো গৃহ বাস সামান্যৰ কোন লেখা।৷
হেন জানি হৰি ভকতিক কৰা সাৰ।
তেবেসে তৰিবে পাৰি সংসাৰ নিকাৰ।৷
কাৰ কেতিক্ষণ পৰা মিলয় মৰণ।
বোলা ৰাম ৰাম চিন্তা কৃষ্ণৰ চৰণ॥
⸺⸻
পাছে পৃথিবীৰ আদৰ দেখিয়া,
ত্বৰিতে উঠিলা সতী।
ব্ৰহ্মা আদি কৰি সকলো দেৱক,
একত্ৰে কৰিলা নতি।৷