পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
অসমীয়া সাহিত্যৰ চানেকি।

১২।

মূৰত পানী দিবা,  ধাৰ নিচিঙ্গিবা,
 বেইতে কলচি থবা।
তেলে হালধী  ঘঁহি বোপা দেওকে,
 ভালকৈ স্নান কৰাবা॥
গা চাই গামোছা,  আনগৈ লগুৱা
 ককাল চাই আন কাচুটি।
মুখ চাই আৰচি,  আনাগৈ আইটী
সতৰ ফোট লব পাই আজি॥

১৩।

আগত দিয়া পাচত দিয়া পাঞ্চ আয়তীয়ে।
দুৰ্ব্বা ঘাটৰ পানী আনি ৰামৰ মূৰত দিয়ে॥
হাৰ পিন্ধে টাৰ পিন্ধে পিন্ধে সাতসৰী।
দেবাঙ্গভুষণ পিন্ধে ইন্দ্ৰে দিছে আনি॥
পুখুৰীৰে পাৰে পাৰে ইকৰাৰে বেড়া।
দলি মাৰি পেলাই দিয়ে ফটিকৰে মালা॥
তুমি দিবা ফটিক মালা আমি দিমে কি?
ধৰম কৰি বিয়া দিমে সত্যভামা জী॥
পুখুৰীতে পানী নাই পাৰকে নুবুৰে।
বিৰিখতে পখী নাই ঝাকে ঝাকে উড়ে॥
পুখুৰীৰ চৌপাশে কলীয়া তুলসি।
সেই ঘাটে পানী আনে ৰামৰে কলচি॥
পুখুৰীৰে চৌ পাশে মৃগ পহু চড়ে।
তাকে দেখি ৰামচন্দ্ৰ শৰধেনু ধৰে॥

১৪।

চান্দো চিকণে,  সূৰুযো চিকণে,
 চিকণ সৰগৰ তৰা।
এতাইতকৈ চিকণে  দেখি আহিলো,
 বাহি চন্দনৰে দৰা॥

১৫।

পূবে দিলে ৰেণু,  উঠা শ্যাম কাণু,
 কতনো শয়ন কৰা।
বিধি ব্যৱহাৰে, দৈয়ন দিব লাগে,
 খাই ধৰমৰে বেলা॥