পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩
বিয়া নাম।

পাল বৰীয়াই পানে জানিছে
 গুৱালৰ ঘৰৰ দৈ।
প্ৰভাত কালতে, দৈয়নি দিছেহি;
 সিংহদুৱাৰতে থৈ॥

১৬।

শৰায়ে শৰায়ে, কাঞ্চন ফুল গাঁঠিছে
 আই দেওৰ খোপালৈ চাই।
সেউতী পিন্ধিছে, মালতী পিন্ধিছে
 পিন্ধিহে খড়িকা জাঁ‌ই॥
সেউতীৰ এচাকি, মালতীৰ এচাকি,
 আৰু চম্পাকলিৰ চাকি।
মাকে বাপেকে, আই দেওক সজাইছে,
 একোকে খোৱা নাই বাকী॥

১৭।

কালি এতে বেলি, আছিল আই দেও,
 মাৰাৰ পালেঙ্গত শুই।
আজি এতে বেলি, যাবলৈ ওলালা
 মাক অকলৈ থৈ॥
কালি এতে বেলি সখী প্ৰভাতী
 বহি ৰৈ আছিলা তাঁত।
আজি এতে বেলি, যাবলৈ ওলালা
 মাৰাক লগাই যোৱা মাত॥
আগৰে পৰাই, গুৰিলৈ লাগিছে,
 লাগণি গছৰে ঔ।
আয়োনেকান্দিবা, বায়ো নেকান্দিবা
 আমি জিৰণীয়া মৌ॥

১৮।

ঔৰে গছতে, মৌৱে বাহ ললে,
 আমাক পাৰি দিয়া খাও।
মুখকে কাপোৰ, গুচোৱা বোপা দেউ,
 ডাঢ়ি পৰিছেনে চাওঁ‌॥