পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
বিয়া-নাম।

৬।

ই বোলে চন্দ্ৰিকা  সি বোলে চন্দ্ৰিকা,
 চন্দ্ৰিকা গুণৰে নিধি।
বাপেকৰ চড়াতে,  চন্দ্ৰিকা বহিছে,
 সোণৰ গলপতা পিন্ধি॥

৭।

ওড় ফুল ফুলিলে,  জগতে জানিলে,
 ৰাঙ্গল ফুল ফুলিলে ৰজা।
আইটীৰ বিয়াতে,  ৰঙ্গা ৰদ ওলালে,
 বাপেকে খুজিলে ঠঙ্গা॥

৮।

চাউল চালিবৰে,  ৰূপহী চালনি,
 বহি জাৰিবৰে কুলা।
জীয়ৰীৰ ধনেৰে,  কিনো দৌল বান্ধিবা,
 উড়ি যায় শিমুল তুলা॥
আয়ে চাউল চালে,  চালনি নুঘূৰে,
 বোপাই তামোল কাটে সৰু।
সৰুটো ভায়েকে,  ধৰম বিয়া দিলে,
 লগতো নিদিলে গৰু॥

৯।

চড়ায়ে তুলিলে,  ছঅঁৰা পোৱালী,
 গছৰ দাল শুৱনি কৰি।
আইটিক তুলিলে,  মাকে বাপেকে
 লোকৰ ঘৰ শুৱনি কৰি॥

১০।

আগ ফাল শুৱনি,   ডাব নাৰিকল,
 পাচ ফাল শুৱনি পান।
বড়ঘৰ শুৱনি,  জীয়ৰী ছোৱালী
 উলিয়াই দিবলৈ টান॥

১১।

সুবৰ্ণ মণ্ডিত বেই তাতে প্ৰবেশিলা গৈ।
বেইতে আইদেও ঘূৰে পাৰ বুলনেৰে বুলে॥
সুবৰ্ণ ভৃঙ্গাৰ লৈ ঘনে চাতি মাৰে দৈ।
সোণৰ চিৰি মৰা পিড়া, ৰুপেৰে বন্ধোৱা খুড়া॥
বহা হেঙ্গুলীয়া পিড়াত হালধি ঘহিব গত।
ৰত্বৰ ভৃঙ্গাৰ আনি মাতৃয়ে ঢালিব পানী॥