পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বিয়া-নাম।

(ক) সাধাৰণ।

১।

আম মলে  থোপা থুপি
 কদম মলে হালি।
বেইৰ মাজত  পদ্ম জলে,
 মেঘে ঢালে পানী॥

২।

চৰাইৰ নাও শৰালি,  মাছৰ নাও বৰালি,
 সাপৰ নাও পানীমড়লী।
বাপেকৰ চৰাতে  আইকণ বহি আছে,
 যেনে পদুমৰে কলি॥

৩।

মাৰাৰ আছিলা,   লাচনি পাচনি,
 বাপেৰৰ কাচলি ধৰা।
ভায়েৰৰ আছিলা  সমান ভাগেখোৱা,
 আজি পৰৰ জনে হলা॥

৪।

আমি তিনি ভনীৰ,  তিনিটি যঁতৰে,
 আয়ে সৰু সূতা কাটে।
আমি তিনি ভনী,  যাওঁ তিনি ধৰে,
 আয়ে ৰাও কাঢ়ি কান্দে॥
আয়ে যে কান্দিছে  পেটৰে যাতনাত,
 বোপায়ে কান্দিছে কিয়?
যদি হে বোপাইৰে  মৰমেই আছিলে,
 আমাক বেচি খালে কিয়?

৫।

কালি এতে বেলি  অ চন্দ্ৰাৱলী
 বহি ৰৈ আছিলা তাঁত।
আজি এতে বেলি,  এ চন্দ্ৰাৱলী,
 অগ্নি জলিছে গাত॥