পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

গৰখীয়া নাম

অ কমাৰ অ কমাৰ দা নিদিয় কিয়?
এঙ্গাৰকটীয়াই যে এঙ্গাৰ নিদিয়ে মইনো দিম কিয়?
অ এঙ্গাৰকটীয়া অ এঙ্গাৰকটীয়া এঙ্গাৰ নিদিয় কিয়?
কাটি থৈছো বড়গছ নুশুকাইনো কিয়?
অ বড়গছ অ বড়গছ নুশুকোনো কিয়?
মেঘে যে বৰখুন দিয়ে মইনো শুকাম কিয়?
অ মেঘ অ মেঘ বৰখুন দিয় কিয়?
ভেকুলীয়ে যে টোৰটোৰাই মইনো নিদিম কিয়?
অ ভেকুলি অ ভেকুলি টোৰটোৰা কিয়?
বোঁপা ককাৰ বিৰ্ত্তি এড়িম নো কিয়?

১১।

দীঘলতিৰ দীঘল পাত
গৰু কোবাওঁ ঝাঁত ঝাঁত।
মাৰ সৰু বাপেৰ সৰু
তুই হবি বড় বড় গৰু॥
লাও খা বেঙ্গেনা খা।
দিনক দিনে বাঢ়ি যা।
মাৰ সৰু বাপেৰ সৰু
তই হবি বড় বড় গৰু॥

১২।

উকুলি মুকুলি দুকুলি কাঁহী।
আদৌ দৌ ডোমৰ দাঁহী॥
খেতি ৰাতি শাক তোল।
কি কি চৰাইৰ কি কি নাও
সোনৰ চৰাইৰ কথা কওঁ॥
আম পাত জাম পাত
পদুম পাতে বুড়াই পেলাই।
জপা থুৰি উনৈচ কুড়ি
সাত ভাই কপিলীত পড়ি॥