পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫১
অৰণ্যকাণ্ড

বজ্ৰ সম হান্তে মই আন্টিলোহো চাপি।
কিনো বীৰ তোৰা দুই ৰহিলা তথাপি॥
মোৰ সিন্ধি বিধি কিবা মিলাইলেক আনি।
বাবে নভোগিলো কহা স্বৰূপ কাহিনী॥
কৱন্ধৰ বচনত কম্পিলেক কায়।
দুইখান খড়গ ধৰিলন্ত দুই ভাই॥
বাহুৰ মুলত তাৰ বেগে ঘাৱ দিলা।
ভয়ঙ্কৰ দুই বাহু খসিয়া পড়িলা॥
বাহু ছিঙ্গা গৈলা ৰঙ্গ মিলিলা তাহাৰ।
ৰাম লক্ষণ চাই বোলে পুনৰ্ব্বাৰ॥
কহিয়ো কহিৰ দুয়ো ধৰা কিবা নাম।
জানো ত্ৰিভুবনে নাই তোৰাৰ উপাম॥
বদতি লক্ষণ শুনা নিশাচৰ কাজ।
আমাৰ জনক দশৰথ মহাৰাজ॥
সপত্নী মাতৃৰ বোলে বনক পঠাইলা।
আমাৰ সন্তাপে পিতৃ প্ৰাণক তেজিলা॥
এহেন্তে শ্ৰীৰাম জানা পিতৃৰ ভকত।
ইহান ঘৰুণি সীতা হৰাইলা বনত॥
তাহাঙ্কে খোজন্তে আমি ফুৰো বনে বন।
তই কোন জন হস কহা এহিক্ষণ॥
বোলন্ত কৱন্ধে কিনো আনন্দ আমাৰ।
পুৰুষ-উজ্জাৰ ৰাম ভৈলা অৱতাৰ॥
পূৰ্ব্বত আছিলো মই গন্ধৰ্ব্ব শোভন।
ৰাক্ষস স্বৰূপ হই গৈলো তপোৱন॥
ঋষি সব ধৰি খাইলো ভৈলা মহাপাপ।
সিকাৰণে পালো এই ভয়ানক শাপ॥
আন ঋষি সব মিলি বুলিলেক ভয়।
বিকৃত ৰাক্ষস হৰি শাপিলো নিশ্চয়॥
পাচে প্ৰণমিয়া মই কৰিলোঁ কাতৰ।
শাপ সীমা কৰি পাচে দিলা মোক বৰ॥