পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫২
অসমীয়া সাহিত্যৰ চানেকি।

যৈসানি ঈশ্বৰ ৰাম ৰূপে অৱতৰি।
তোৰ বাহু ছেদিবোহো হাতে খড়গ ধৰি॥
তৈসানি আপুন ৰূপ ধৰি বিতোপন।
হবি মুক্ত বুলি চলি গৈলা নিজ থান॥
তেতিক্ষণে দন্দু নামে ৰাক্ষসেক ভৈলো।
আৰাধিয়া চিৰকাল ব্ৰহ্মাক চিন্তিলো॥
চিৰকালে জিবাৰ ব্ৰহ্মায়ে দিলা বৰ।
এহি গৰ্ব্বে ইন্দ্ৰক যুজিলো একেশ্বৰ॥
ক্ৰোধে ই কৰিলেক যুদ্ধক প্ৰবন্ধ।
বজ্ৰ হানি শৰীৰত বসাইলেক কন্ধ॥
এতেকেসে মোৰ শিৰ নাই ওপৰত।
শৰীৰক পশিয়াছে বজ্ৰৰ ঘাৱত॥
ইন্দ্ৰে সে থৈলন্ত কৱন্ধক মোৰ নাম।
ব্ৰহ্মাৰ বৰত মোৰ নপৰিল প্ৰাণ॥
তুতি কৰি বুলিলোহো শুনা দেৱৰাই।
মূক নাই দিয়া মোক জিবাৰ উপাই॥
শুনি হেন ইন্দ্ৰৰ পলাইলা মনদুখ।
দিব্য দুই বাহু দিলা হৃদয়ত সুখ॥
পন্থত থাকোহো প্ৰহৰেক হাত মেলি।
পশু পক্ষী মনুষ্য সবাকো থও গিলি॥
তোমাৰ প্ৰসাদে প্ৰভু পাব নিজ থান।
জ্ঞান কৰি পোষা মোক হৌক দিব্য জ্ঞান।
শুনি ৰামে লক্ষণক বুলিলা বচন।
ভনে কবি দুৰ্গাবৰ হৈ ভক্তিমন॥


ৰাগ—শ্ৰীগান্ধাৰ।

শুন শুন ভাই প্ৰাণৰ লখাই এ
জাণ্টে দিয়া চিতা পাতি।
ভকত বাঞ্ছিত সাধিয়ো ত্বৰিত এ
জাণ্টে আনা কাষ্ঠ কাটি॥