পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫০
অসমীয়া সাহিত্যৰ চানেকি।

চখু থিৰ কৰিয়া ভূমি দিয়া ঠোট।
ঢলিয়া পৰিল থুলন্তৰ দেহা গোট॥
প্ৰাণ ছাৰি যান্তে মুখ ক্ষণ মেলা দিলা।
যাৰ গোট পালটাই ভূমিত পৰিলা॥
খানিতেক মান তনু আছিলেক কম্পি।
মৰিল কাশ্যপ নাতি ৰাম ৰাম জম্পি॥
দেৱে যাক নপাৱন্ত পাইলা হেন গতি।
দেখি ৰাম লক্ষণ বিস্ময় ভৈলা অতি॥
পাচে দুই ভাই চিতা খান পাতিলন্ত।
তাতে তুলি জটায়ুৰ দেহাক দিলন্ত॥
দুই ভাই স্নান কৰি দিল জলাঞ্জলি।
ৰঙ্গ মাছে দিলা চটকৰ কাক বলি॥
সৰ্ব্ব কাৰ্য্য সমাধিলা পাছে দুই ভাই।
বনত ভ্ৰমন্ত সীতা গোসানীক চাই॥
অনন্তৰে পাইলন্ত কৱন্ধ নিশাচৰ।
মুণ্ড নাই গাৰি গোট অতি থুলন্তৰ॥
ৰাম লক্ষণক দুইকো ধৰিলেক বলে।
গিলিবাক চাই দুষ্ট আতি কুতূহলে॥
শ্ৰীৰামে বোলন্ত লখাই মৰিলো আৱেশে।
দুই ভাইক ধৰি হেৰা গিলয় ৰাক্ষসে॥
কৈকয়ী মাৱৰ সাফলিলা মনোৰথ।
অকণ্টকে ৰাজ্যভোগ কৰোক ভৰথ॥
ধিক ধিক আমাৰ বীৰত্ব সমুদাই।
সীতাক হৰাই বনে মৰো দুই ভাই॥
লক্ষণে বোলন্ত নুহি অনুশৌচ বেলা।
দুৰ্ঘোৰ আপদ ভৈলা নকৰিবা হেলা॥
শীঘ্ৰ কৰি দৃঢ় মুষ্টি খড়গ ধৰিয়োক।
মুণ্ড নাই ইহাৰ বাহুক ছেদিয়োক॥
কৱন্ধে বোলয় হোৱা তুমি কোন জন।
কোন দুই মহাবীৰ জানিলো এখন॥