পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৪
অসমীয়া সাহিত্যৰ চানেকি।

তিনিয়ো ভুবন জুৰি ব্ৰহ্ম অস্ত্ৰ মাৰি।
দহিবো নিৰ্য্যাণ কৰি সবে মান সাৰি॥
শুনিয়ো লক্ষণ বাপ হেলা নুজুৱাই।
শীতল পানীক ভাই কেহো নডৰাই॥
শনিৰ শুনিয়া নাম সমস্তে ডৰাই।
চন্দ্ৰে পাইলে তাক কিছু ভয় নকৰয়॥
এহি বুলি প্ৰভু ধনু কৰিলা টঙ্কাৰ।
লৰিল ব্ৰহ্মণ্ড প্ৰজা ভৈলা চমৎকাৰ॥
উৰ্দ্ধক সমুখে ৰামে জুৰিলেক শৰ।
হাতত ধৰিলা যাই লক্ষণ কুমাৰ॥
সম্বুধি বোলন্ত দাদা তেজিয়ো কুৰ্ম্ম।
জগতক বিনাশিবা ইতো কোন কৰ্ম্ম॥
কোনে সীতা হৰিলেক নিৰ্ণয় নাজানি।
জগতকে বিনাশিবা ব্ৰহ্ম-অস্ত্ৰ হানি॥
অজিজ্ঞাসী ক্ৰোধ কেনে কৰাহা আপুনি।
তুমি বিনাশিলে তাক ৰাখিবেক কুনি॥
তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি ত্ৰিপুৰাৰি।
তুমি সংহাৰিলে প্ৰভু কি কৰিতে পাৰি॥
পূৰ্ব্বত আপুনি প্ৰভু স্ৰজিলা জগত।
নতো কাল হন্তে কেনে কৰিবাহা হত॥
পালিৱেক বৈষ্ণৱক ভৈলা অবতাৰ।
দুৰ্জ্জনক বাচি বাচি কৰিবা সংহাৰ॥
এহি তযু যশ শুনি তৰে নৰলোক।
সীতাৰ শত্ৰুক মাৰ কীৰ্ত্তি ৰহিয়োক॥
শীতল স্বভাৱ ধৰা উগ্ৰৰূপ এৰা।
শৰক সম্বৰা প্ৰভু লোক ৰক্ষা কৰা॥
ইতো কোপে আপুনাৰ যশ নষ্ট হয়।
যদিবা ঈশ্বৰ তুমি তভো অযোগ্য নয়॥
লক্ষণৰ বোলে ৰাম শত্ৰু সম্বৰিলা।
উগ্ৰৰূপ এৰি প্ৰভু শান্তমূৰ্ত্তি ভৈলা॥