পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অৰণ্যকাণ্ড

বকক সম্বোধি পাচে শ্ৰীৰামে পুছিলা।
ইতো পন্থে যাইতে নিকি সীতাক দেখিলা॥
ৰামক বোলন্ত প্ৰভু কিছো যাত্ৰা পাওঁ।
জলত ফুৰোহো মই মস্য ধৰি খাওঁ॥
দেখিলোহো ছায়া মায়া জলৰ তলত।
কন্যা এক লই যাই ৰথ ওপৰত॥
কৈৰ কন্যা কোনে নেই নিৰ্ণ্ণয় নাপাও।
তল মুণ্ড কৰি প্ৰভু মস্য ধৰি খাওঁ॥
বকৰ মুখৰ কথা শুনি ৰঘুমণি।
মোহোৰ সাতাৰ অবে হৰিলেক কুনি॥
জানিলো অৱশ্যে হৰিলেক দেৱগণ।
এহি বুলি ক্ৰুদ্ধ ভৈলা কমললোচন॥
বুলিলন্ত ক্ৰোধে অগ্নি সম দুই আঁখি।
চন্দ্ৰ সূৰ্য্য বায়ু বহ্ণি সবে হৈবা সাখি॥
দেৱসিদ্ধ সাব্য গন্ধৰ্ব্বক বোলে বাণী।
সবে ভাল জীৱ যেবে সীতা দিয়া আনি॥
তিনিয়ো লোকৰ যেবে সাধিবোহো ভাল।
কোনে সীতা নিলে দেখাই দিয়াহা সকাল॥
বাহ্য অভ্যন্তৰক দেখয় দেৱগণ।
কোনে সীতা নিলে কেহো নোবোলে বচন॥
হেৰা মোৰ দোষ নাই সবে আছা চাই।
সীতাৰ সন্তাপে হেৰা প্ৰাণ মোৰ যায়॥
হেৰা অগ্নিশৰ মাৰো স্বৰ্গচুৰ কৰো।
প্ৰহাৰি পাতল পোৰে দেবকো সংহাৰো॥
আগ নষ্ট কৰো যক্ষ ৰক্ষ সব মাৰো।
উল্টাও পৃথিবি মেৰু মন্দাৰ বিদাৰো॥
সীতাক উদ্ধাৰো দৈত্য দানৱ নিবাৰো।
ৰাম নাম কীৰ্ত্তি থও পাতক সংহাৰো।
মোৰ ভাৰ্য্যা হৰি সুখে জীৱে কেন কৰি।
উদয়ান্ত গিৰিমানে পেলাইবো বিদাৰি॥