পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৫
অৰণ্যকাণ্ড।

পুনু দুই ভাই সীতা বিচাৰয় বনে।
কবি দুৰ্গাবৰ ভনে ৰামৰ চৰণে॥

  ৰাগ—ৰামগিৰি।

সীতাৰ কাৰণে ৰাম বিচাৰে বনে হে—
পুনু দুই ভাই গৈলা।
সীতাক বিচাৰি ফুৰয় দৈত্যাৰি
অৰণ্য মাজে পশিলা॥
কতো দূৰ লাগি গৈলা বন ভাঙ্গি
ৰথ এক দেখা পাইলা।
ভাঙ্গা ৰথখান দেখি বিদ্যমান
কোনে আনি ঐত থৈলা॥
ৰামে বুলিলন্ত লক্ষণে শুনন্ত
কিনো ইতো বিপৰীত।
ৰথ-ধজ ভাঙ্গি বন মাঝ লাগি
পৰি আছে ধৰণিত॥
সমীপক যাই চাইলা দুই ভাই
কৰিলন্ত পাচে থিৰ।
সীতাৰ নিদানে ভৈলা ঘোৰ ৰণে
বুঝিলন্ত কোন বৰী॥
এহি বুলি ৰাম লগত লক্ষণ
ফুৰিলন্ত বনে বন।
কতো দূৰ যাই জটায়ুক পাই
দেখিলন্ত বিদ্যমান॥
দেখিলা পক্ষীৰ ৰক্ত কলেবৰ
তনু আতি খুলন্তৰ।
শীঘ্ৰে বন চাপি জগতৰ বাপে
জুৰিলেক এক শৰ॥
লক্ষণক চাই বোলে ৰঘুৰাই
শুনিয়ো প্ৰাণ লখাই॥

৪৪