পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি।

ৰামে বোলে লক্ষণ দেখিয়ো কেৰা নয়।
পক্ষীজাতি দেখা এই জনত ভ্ৰময়॥
পৰম ধাৰ্ম্মিক বৰ প্ৰাণীহিংসা ডৰে।
লহু লহু পদ কৰি জলৰ উপৰে॥
এহি পক্ষীবৰত পুছিবে যোগ্য হয়।
যত কথা জানে এহি কহিবো নিশ্চয়॥
ধাৰ্ম্মিক বৈষ্ণক শান্ত স্বভাৱ সৰল।
এহিতো আমাক নাভাণ্ডিবো একোকাল॥
লক্ষ্মণ বদতি দাদা শুনিয়ো বচন।
কহো মই শুনা তেবে বকৰ লক্ষণ,
মস্যক চোপয় কতো ধৰি ধৰি খান্ত।
নপাইলে মস্যক পাছে ধাৰ্ম্মিক বোলন্ত।
স্বভাৱতে পক্ষিজাতি অতি অগিয়ান।
অধৰ্ম্মত ৰতি বৰ হিংসাৰ নিদান॥
নজানে অধৰ্ম্ম ধৰ্ম্ম পূৰ্ব্বপৰ জ্ঞান।
হেন চাৰ বকত পুছিবে নাই মন॥
এহিমতে চকোৱাত পুছিলা আপুনি।
বুলিলা যতেক শুনিলাহ নিন্দাবাণী॥
অপদ সম্পদ বৃক্ষপন্থত দেখিলা।
সীতাৰ সম্পদ যাত্ৰা তাহাত পুছিলা॥
যাতে তাতে ৰাত্ৰা দাদা নুপুছিবা দেখি।
তাহাতে পুছিবা তুমি শুদ্ধমত লেখি॥
অল্পমতি অল্পজ্ঞান দেখা যিতোজন।
তাহত নোপোছা কথা আমাৰ বচন॥
শ্ৰীৰাম বদতি বাপু শুনিয়ো বচন॥
বকত পুছিলে যাত্ৰা পাম এতক্ষণ৷।
হেন শুনি লক্ষ্মণে বকক দিলা মাত।
সীতাৰ সম্পদ যাত্ৰা কৰিয়ো আমাক॥
লক্ষ্মণৰ বাক্য শুনি তেখনে আসিলা।
শ্ৰীৰামক বকে যাই প্ৰণাম কৰিলা॥