পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪১
অৰণ্যকাণ্ড।

সীতাৰ বাত্ৰাক ৰামে বৃক্ষত পুছিলা।
বাত্ৰাক নপাই ৰামে নিশ্বাস তেজিলা॥
সীতাৰ সন্তাপে লোহ বহয় নয়নে।
ভণে দুৰ্গাবৰ প্ৰভু ৰামৰ চৰণে॥


   ৰাগ—অহিৰ
অ কি লখমন—
নাই বুধি সীতাক নাপায়া।
নয়নৰ লোহে মোৰ পন্থক নেদেখো হে
সন্তাপে পোৰয় মোৰ হিয়া॥
চকোৱা ভৰ্চ্ছিলা মোক তাক পাসৰিলো হে—
গৈলো মই বৃক্ষতল লাগি।
বৃক্ষত পুছিলোঁ পাচে উদ্দিশ নাপালো হে—
প্ৰিয়া হৰুৱাইলো মৃগ লাগি॥
চিত্ত যে নহয় থিৰ
ব্যাকুল শৰীৰ হে—
হৰুৱাইলো জ্ঞান সুচৰিত।

অন্ধকাৰ ৰাত্ৰি পাই  ভ্ৰমিবাৰ নাই ঠাই
  শৰীৰতো নাহি একো তত্ত্ব॥
আগত চলিয়ো তুমি  পাচত চলিবো আমি
  দুৰ্গম সঙ্কট ঘোৰ বনে।
সৰস্বতী চৰণত  কৰি শিৰ অৱনত
  কবিৰ দুৰ্গাবৰ ভণে॥


পদ।

দুখমনে লক্ষণ যে গৈলা আগুৱাই।
পাছত চলন্ত ৰাম কৌশল্যা তনয়॥
কতো বেলিৰ অৰণ্যক এৰি দুই জন।
বগুলা পক্ষীক পাছে পাইলা দৰিশন॥