পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৭
অৰণ্যকাণ্ড।

দশনৰ পান্তি মাণিকৰ কান্তি
বিনা প্ৰদীপতো জলে।
দেৱনাৰ ভাল ছালয় কঙ্কাল—এ
ৰাজহংস যেন চলে॥
চিকণ চামৰ গুঞ্জৰে ভ্ৰমৰ
মালতী নিন্দে সুঘ্ৰাণ।
সদায়ে বসন্ত কৰে উনমত্ত—এ
দেখিয়া দিব্য লোচন॥
কান্দে ৰঘুপতি হৰাইলা সুমতি
আমাক কৈলি নিৰাশ।
সীতাৰ হৰণ ৰামৰ ক্ৰন্দন—এ
ভণে দুৰ্গাবৰ দাস॥


পদ।

শশিমুখী বুলিয়া যে কান্দন্ত বাঘৰ।
হাহা কৈক গৈলি মোৰ ৰমণী বান্ধৱ॥
পাত পাত কৰি মই কৰিলো বিচাৰ।
কহিতে নপাইলো কোনো মনুষ্য সঞ্চাৰ॥
আপুনি উদ্দিশ কৰি নপাইলো সীতাক।
কোননো বৰ্ব্বৰে অবৰোধিলা আমাক॥
কোনে নিলে কৈত পাইবো আমাৰ ৰমণী।
এহি বুলি আসন ছাৰিলা চক্ৰপাণি॥
সীতাক বিচাৰি প্ৰভু পুনৰুপি গৈলা।
অৰণ্যৰ মাজে চকোৱাক লগ পাইলা॥
নিজ নাৰী সহিতে বঞ্ছয় প্ৰাতঃকালে।
ভুঞ্জয় চকোৱা মৎস্য শামুক সকলে॥
চকোৱাৰ সমীপ চাপিলা ৰিষিকেশ।
ধীৰে ধীৰে পোছয় বচন উপদেশ॥

৪৩