পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
***
অসমীয়া সাহিত্যৰ চানেকি।

আকুল কুষদ আমি কয়ো এক মাত্ৰা।
যাইতে দেখিলিকিত ই জনক দুহিতা॥
একেশ্বৰে গৈলা কিবা অনেকে সহিতে।
পূবৰ পছিম কিবা দক্ষিণ দিশতে॥
বা বৈশন্য কিবা অগ্নিকোণ যে নৈষিত।
কোন পথে গৈলা সীতা কদা স্বৰূপত॥
চকোৱা বদতি শুনা ৰাম দেৱৰাজ।
যে বোল পুছিলা কহিবাক লাগে লাজ॥
দুয়ো বৰখ সামৰ্থ গাণ্ডীৱ ধনু হাতে।
ক্ষেত্ৰি হুয়া ভাৰ্য্যা হেৰুৱাইলি কেন মতে॥
আমি পক্ষী জাতি কিছো নজানো উপাই।
নাহি শৰীৰত কিছো বল সমুদাই॥
অস্ত্ৰ শস্ত্ৰ নাজানে নাহিকে ভাই লগে।
তথাপি ৰাখোহো ভাৰ্য্যা উপায়ক বলে॥
লগত সঙ্গতি আছে কনিষ্ঠ সোদৰ।
দুই সঙ্গতি তুমি নোহা একেশ্বৰ
হেনতো সীতাক হৰি লৈয়া গেল লাগে।
আমি হলে ইতো লাজে নিৰ্জীও পৰাণে॥
বৰ বিপৰীত চকোৱাৰ পটন্তৰ।
শুনিয়া সিদ্ধান্ত দিলা ৰাম গদাধৰ॥
যাত্ৰা পুছিবাক মই আইলো তযু পাশে।
হেনয় নিনদিত বাক্য বোলা উপহাসে॥
এহি বুলি ৰামচন্দ্ৰ মনে কৰি তাপ।
চকোৱাক দিলন্ত প্ৰচণ্ড বৰ শাপ॥
দিবসত একত্ৰে থাকিবি দুই হাৰে।
ৰাত্ৰি হলে দুয়ো ৰবি ইপাৰে সিপাৰে॥
যাত হৰিষণ আৰু মেঘ সংযোগত।
সম্ভোগ মিলিব বাৰ বছৰ মুৰত॥
চান্দ্ৰ দিবাকৰ লাহি চকোৱাৰ শাপ।
এটি বুলি অন্তৰিলা জগতৰ বাপ॥