পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৭
অৰণ্যকাণ্ড।

নেদেখি সীতাৰ মুখ মনত লাগিল দুখ
লক্ষ্মণত পোছে নাৰায়ণ।
কহিয়ো স্বৰূপ বোল তেজিয়া মোহোৰ কোল এ
গৈলা প্ৰিয়া কাহাৰ সদন॥
তোক মেঢ়ত থৈয়া হাতত সাৰঙ্গ লৈয়া
প্ৰবেশিলো গহনৰ মাজ।
মায়াবি মৃগৰ তৰে গৈলো মই একেস্বৰে এ
এথা কোনে কৰিলা অকাজ॥
বুলিলো বচন যত সকলে কৰিলি হত
কথা নলৈলা তোৰ মন।
তোমাৰ নিমিত্তে মোৰ প্ৰিয়াক কৰিলা চোৰ এ
কি অকাজ কৰিলা লক্ষ্মণ॥
শ্ৰীৰামৰ যে বচন বদতি যে লক্ষ্মণ
অতিশয় সঙ্কোচিত মনে।
নাহি মোৰ কিছো দোষ অকাৰণে কৰা ৰোষ এ
কবি দুৰ্গাবৰ দাসে ভণে॥

ৰাগ—বৰাৰি

নাজানো স্বৰূপ দাদাহে—

দাদা দোষ নাই মোৰ।
বিৰলে সীতাক হৰি নিল কোন চোৰ॥
মৃগে যে কাঢ়িলা ৰাৱ তোমাৰ সদৃশ।
শুনিয়া সীতাৰ মনে ভৈলা বিসদৃশ॥
প্ৰভুক মাৰয় শুনো কোন বিৰসণে।
এহি বুলি মোহোক পাঞ্চিলা তেতিক্ষণে॥
আৰু যি বুলিলা তাক কহিবাক পাপ।
আৰ কথা কহো শুনা জগতৰ বাপ॥
ৰাম অবিহনে তোৰ মোক হাবিলাস।
হেন বাক্য শুনিয়া মোহোৰ মোহো ত্ৰাস॥