পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুৰ্গাবৰি

অৰণ্যকাণ্ড

ৰাগ—মঞ্জুৰি

ৰাম আইলৰে বনেৰ মৃগ মাৰি—
ৰাম আইলৰে।
মৃগ মাৰি নেদেখিয়া সীতা,
সীতা সীতা বুলি ডাকে ৰঘুনাথ। (ৰাম আইলৰে।)
লক্ষণক চাই বোলে বাণী
কি কাৰণে তেজিলা গোসানী।
(ৰঘুনাথ ৰাম আইলৰে।)
যেন বজ্ৰ পৰিলেক মাথে—
ৰেখাৰ বাহিৰে খোজ দেখি ৰঘুনাথে।
হাহা প্ৰিয়া কোথা গৈলা এৰি—
নিদান কালত দুই ভাই থাকো বেৰি।
ধন জন নকৰোহো সাৰ—
প্ৰিয়া অবিহনে দেখোঁ দিনতে আধাৰ।
কহে দুৰ্গাবৰে ৰামৰ চৰণে।
প্ৰভু কান্দে মোহা শোক ত্ৰাসে॥


ৰাগ—বেলোয়াৰ

সীতাক হৰিলা যেবে ৰাঘৱ আসিলা তেবে হে—
আসিলা গোসাই মৃগ মাৰি।
কপট কৰিয়া দূৰ পশিলা অন্তেসপুৰএ
ঘৰে নাহি জনক ঝিয়াৰি॥