পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৮
অসমীয়া সাহিত্যৰ চানেকি।

শুনিয়া অন্তৰ ভৈলোহে কুখ্যাতি বচনে।
অন্তৰিয়া গৈলো মঞি তোমাৰ কাৰণে।
লক্ষণে কহিলা কথা ৰামৰ আগত।
বিষাদ লাগিল প্ৰভু ৰামৰ মনত॥
বিষাদত নয়নৰ নীৰ বহি যাই।
বৈদেহি-হৰণ পদ দুৰ্গাবৰে গাই॥


পদ

ভাতৃৰ বচন শুনি থাকিলন্ত বসি।
মেঘত ঢাকিলা যেন পূৰ্ণিমাৰ শশী॥
লোতকে তিতিল নেত্ৰ মলিন বদন।
সীতাশোকে আকুল ব্যাকুল নাৰায়ণ॥
কিবা জীয়া জন্তুক দেখিয়া বিদ্যমান।
ত্ৰাস হৈয়া গৈলা কিবা হঠাতে প্ৰমাণ॥
আমাক উদ্দেশি সীতা গৈলা স্বৰূপত।
জানোবা আছয় এহি অৰণ্য মাজত॥
এহি বুলি লক্ষণক কহিলন্ত ৰাম।
ক্ষেণেতেক ভাই তুমি কৰিয়ো বিশ্ৰাম॥
এতিক্ষণে অৰণ্যত চাহি আহো যাই।
মৃগ ৰক্ষা কৰিয়া থাকিবা তুমি ভাই॥
ভিতৰে বাহিৰে অৰণ্যৰ থানে থানে।
কতো দূৰ বিচাৰি আহিবো এহিক্ষণে॥
ঠাই ঠাই বিচাৰ কৰিলা দামোদৰ।
বৃক্ষ কোটৰ গিৰি পৰ্ব্বত গভৰ॥
লতায়ে বেঢ়িলা জত বৃক্ষ অন্ধকাৰ।
তাকো ৰামদেৱে বিচাৰিলা বাৰেবাৰ॥
লতা উপবনচয় নদনদি তীৰে।
চাহিলন্ত নানা থানে ৰাম গদাধৰে॥