পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাধৱ কন্দলি

ৰামায়ণ।

( উত্তৰাকাণ্ড )

যতে তাৰ কথাক আবে থওঁ এহি মানে।
লৱৰ কুশৰ কথা শুনা সাৱধানে॥
ৰামক পঠাই ঘৰে যাই তেতিক্ষণে।
লৱক কুশক ঋষি বুলিলা বচনে॥
হুয়া চিৰঞ্জীবী লৱ কুশ দুই ভাই।
দেশে দেশে ৰামৰ চৰিত্ৰ ফুৰা গাই॥
নগৰ গ্ৰামৰ সমস্তৰে ৰঞ্জি চিত।
ৰামৰ সভাত গৈয়া গাৱা দুই গীত॥
যিতো ৰাম মাৰিছিলা প্ৰচণ্ড প্ৰতাপ।
নিজ স্বামী সীতাৰ তোমাৰ নিজ বাপ॥
শত্ৰুঘন লক্ষণ আথৰ ভৰত।
ৰামৰ কনিষ্ঠ ভাই তোমাৰ খুৰাত॥
নিচিনিয়া পিতাপুত্ৰে কৰিলা সমৰ।
আমাৰ আদেশে গীত গাৱা নিরন্তর॥
শুনিয়া সন্তোষ হৈব ৰাঘৱৰ মন।
দুই হান্তক সান্তষিয়া দিবে বহু ধন॥
নলৈবাহা একো তোৰা আমাৰ বচনে।
ৰামৰ চৰিত্ৰ মাত্ৰ গাইবা একেমনে॥
বাল্মীকিৰ আজ্ঞা দুয়ো ধৰিয়া শিৰত।
শুনাই ৰামায়ণ গীত ভ্ৰমাই লোকত॥
কৰ্ণৰ অমৃত ৰস ৰামৰ চৰিত্ৰ।
দুয়ো ৰঙ্গে নাচে গাৱে লোক ৰঞ্জি চিত॥