পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১০
অসমীয়া সাহিত্যৰ চানেকি ৷

সেহি মতে অৰ্জ্জুন আছন্ত লীলা কৰি।
ইন্দ্ৰ আদি দেৱতাৰ ধাতু গৈলা উৰি॥
দেৱতা হৰক কেনে উৎপাত তাক দেখা।
আন সামান্যৰ আৰ তাৰ কোন লেখা॥ ৯৩৪
দৰ্প কৰি কৃষ্ণ আগে বুলিলন্ত হৰ।
অৰ্জ্জুনৰ হাতে হৰি কৰাইলা সমৰ॥
অৰ্জ্জুনৰ শৰে পাচে হৰ তৈলা ত্ৰাস।
মহাভয়ে পলাই গৈলা ব্ৰহ্মাৰ যে পাশ॥ ৯৩৫
অৰ্জ্জুনৰ সহায় আপুনি বনমালী।
কি কৰিতে পাৰে কোটি কোটি ৰুদ্ৰ মিলি॥
তাকে জানি গৰ্ব্ব নকৰিবা একো জন।
ঝাণ্ট কৰি লৈয়ো সবে কৃষ্ণত শৰণ॥ ৯৩৬
ক্ষণমাত্ৰ গৰ্ব্ব নসহন্ত দেৱ হৰি।
আকে জানি গৰ্ব্ব নকৰিবা নৰনাৰী॥
যিতো নৰে গৰ্ব্ব কৰি ফুৰয় বিস্তৰ।
অল্পতে কৰয় চুৰ দেৱ দামোদৰ॥৯৩৭
মাধৱ কন্দলি ৰচিলন্ত ইতো পদ।
তাকে শুনি তৰা সবে দুৰ্ঘোৰ আপদ॥
অষ্টাদশ পুৰাণৰ ভাগৱত পদ।
হেলা এৰি শুনা সবে যত সভাসদ॥ ৯৩৮
অষ্টাদশ পুৰাণৰ কথা অনুসাৰ।
দেৱজিত পদ মই কৰিলোঁ প্ৰচাৰ॥
আকে জানি সভাসদ এৰি আন কাম।
খণ্ডোক পাতক ডাকি বোলা ৰাম ৰাম॥ ৯৩৯

____