পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৭
দেৱজিত ৷

মহাপাশুপত শৰ হৰে গুৰি পাইলা।
পিনাক টঙ্কাৰি হৰে গুণত চৰাইলা॥ ৯১১
পাশুপত্ৰ অস্ত্ৰ হৰে ফুৰিলেক যেবে।
সুৰ নৰ মুনি স্বৰ্গ চাৰি পলাই তেবে॥
মেৰু গিৰি কম্পিলা লৰিলা বসুমতী।
ধৰ্ম্ম ধৰ্ম্ম সুমৰন্ত দেৱ প্ৰজাপতি॥৯১২
সাগৰৰ ঢউ ভৈলা পৰ্ব্বত চঞ্চল।
কুম্ভীৰ মগৰ মানে পশিলা পাতাল॥
দেৱতাই বোলে আজি মিলিলা প্ৰলয়।
ত্ৰিজগত হৰে আজি কৰিবেক ক্ষয়॥ ৯১৩
পাচে পাশুপত অস্ত্ৰ যোৰ মূৰ্ত্তি ভৈলা।
সসাগৰা বসুন্ধৰী গিৰিসে লৰিলা॥
অস্ত্ৰৰ ভয়ত স্বৰ্গ পৃথিবী পাতাল।
ঘনে ঘনে কম্পিয়া কৰয় তল বল॥৯১৪
মাধৱে বোলন্ত সখি হৈয়ো সাৱধান।
মহেশে লৈলন্ত ঘোৰ পাশুপাত বাণ॥
মোৰ সুদৰ্শন চক্ৰ ধৰা সাৱধানে।
তেবে সে যাইবেক ধাই শঙ্কৰৰ বাণে॥ ৯১৫
হেন শুনি মাধৱক নমি বীৰবৰ।
ধৰিলন্ত ধনঞ্জয় চক্ৰ মাধৱৰ॥
দহোঁ দহোঁ কৰে চক্ৰ চৈধ্যয় ভুবন।
জাজ্বল্য অগনি হুই মহাবহ্নি যেন॥৯১৬
মাধৱৰ চক্ৰৰ যে তেজ বাঢ়ি গৈলা।
অনন্ত মুখৰ যেন বহ্ণি বাজ ভৈলা॥
সেবি মতে মাধৱৰ ক্ৰোধ জ্বলি গৈলা।
চৰাচৰ প্ৰাণী সবে কালবৰ্ণ ভৈলা॥ ৯১৭
স্বৰ্গ যে আকাশ যেন ব্ৰহ্মাও দহয়।
মাধৱৰ চক্ৰ বৰ প্ৰচণ্ড জ্বলয়॥
দেখি পাশুপত্ৰ শৰ-হৃদয় লৰিলা।
কি কৰিবে পাশুপত্ৰ মনত গুণিলা॥ ৯১৮